ফেব্রুবাৰীৰ পৰা অসমত আৰম্ভ হ’ব আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া

Representative image of Adhar Kard

অহা ফেব্ৰুৱাৰীৰ পৰা দেশৰ বাকী অংশৰ দৰে অসমৰ বাসিন্দাসকলৰ বাবেও আধাৰ কাৰ্ড প্ৰদানৰ কাম আৰম্ভ কৰা হ’ব। ৰাজ্যখনৰ পৰা অবৈধ প্ৰব্ৰজনকাৰী বিচাৰি উলিওৱাৰ বাবে এনআৰচিৰ খচৰা প্ৰকাশৰ কাম চলি থকাৰ বাবে ৰাজ্যখনত আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া বিলম্ব হৈছিল।

অসমৰ ৩৩ খন জিলাৰ গাওঁ পঞ্চায়তৰ অধীনত ৭৯৯৫ টা কেন্দ্ৰত আধাৰ কাৰ্ড লাভ কৰিব পৰা যাব। আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰিবৰ নিমিত্তে ৰাজ্যখনত মুঠতে ২৮ টা সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ব।

ইয়াৰ আগেয়ে ২০১৭ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলগীয়া আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়াটো কৰ্মশক্তিৰ অভাৱত বিলম্ব হৈছিল।

ভাৰতত বাস কৰা সকলো লোকৰ বাবে প্ৰাথমিক পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ড বাধ্যতামূলক। অসম আৰু জম্মু আৰু কাশ্মীৰ এই দুখন ৰাজ্যত এতিয়াও এই প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই।

কেইবছৰ ধৰি চলা অনিশ্চয়তাৰ পিছত ৰাজ্যখনৰ জনসাধাৰণে অৱশেষত আধাৰ কাৰ্ডত তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ব। প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ দিছপুৰে যাৱতীয় আনষ্ঠানিকতা সম্পন্ন কৰিছে। প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক ব্যৱস্থাকে ধৰি সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।