ফৰ্বছ ইণ্ডিয়াৰ ‘৩০ৰ অনূৰ্ধ্বৰ ৩০’ তালিকাত স্থান লাভ গুৱাহাটীৰ ডিজাইনাৰ ৰঞ্জন বৰদলৈৰ

ৰঞ্জন বৰদলৈ

ফৰ্বছ ইণ্ডিয়াৰ ‘৩০ৰ অনূৰ্ধ্বৰ ৩০’ তালিকাত শেহতীয়াকৈ স্থান পাইছে গুৱাহাটীৰ ডিজাইনাৰ ৰঞ্জন বৰদলৈয়ে। বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী বৰঙনি আগবঢ়াবলৈ সক্ষম হোৱা ৩০ বছৰৰ তলৰ ৩০ গৰাকী লোকক স্বীকৃতি প্ৰদানেৰে ফৰ্বছে বছেৰেকীয়াভাৱে এই তালিকা প্ৰকাশ কৰি আহিছে।

বৰদলৈ গুৱাহাটীৰ ষ্টুডিঅ’ বৰদলৈৰ প্ৰতিষ্ঠাপক তথা সৃজনীমূলক সঞ্চালক।

যোৱা অক্টোবৰত একমাত্ৰ ভাৰতীয় হিচাপে ৰে’ড ডট বঁটা- ডিজাইন কনচেপ্ত ২০১৭ৰ আঁচ-বাব শিতানত শ্ৰেষ্ঠ বঁটাকে ধৰি দুটা বঁটা পাইছিল।

‘পিতলৈ’ শীৰ্ষক সংগ্ৰহৰ বাবে তেওঁ এই বঁটা পাইছে। পিতলৰ পাট কাটি তাক কাঠৰ সাঁচত ঢালি প্ৰাচীন কয়লা জালাই পদ্ধতিৰে এই সামগ্ৰীসমূহ প্ৰস্তুত কৰা হৈছিল।

বৰদলৈয়ে আই আই টি গুৱাহাটীৰ পৰা আঁচ-বাব আৰু অন্তৰ্সজ্জা বিষয়ত এটি পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। কলেজত থকা দিনত বিভিন্ন সামগ্ৰী আৰু উৎপাদন কৌশল ব্যৱহাৰৰ সন্ধান চলাই থকা অৱস্থাত তেওঁ পিতল ব্যৱহাৰৰ এক ধাৰণা আগবঢ়াইছিল।

স্নাতক মহলাৰ শেষ বছৰত তেওঁ সৃষ্টি কৰা এখন পিতলৈ চকীৰ বাবে তেওঁ পাৰ্ক এলি ডেকৰ ষ্টুডেণ্ট বঁটা ২০১৫ (পৰম্পৰাগত সামগ্ৰীৰ শ্ৰেষ্ঠ ব্যৱহাৰ) লাভ কৰিছিল।

২০১৫ চনত তেওঁ তেওঁৰ কৰ্মৰাজি ইণ্ডিয়া ডিজাইন আই ডি ২০১৬ত প্ৰদৰ্শন কৰিছিল।

কাঠফুলাৰ গঠন অনুপ্ৰাণিত এক কাঠফুলা চকীৰ বাবে বৰদলৈয়ে গদৰেজ ডিজাইন লেব ২০১৬ বঁটা লাভ কৰিছিল।

তেওঁৰ এই কৰ্মই ইটালিৰ মিলানৰ কেপেলিনি ডিজাইন প্ৰতিষ্ঠানৰ কলা নিৰ্দেশক গিয়’লিয়’ কেপেলিনিৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তাৰ পিছতে তেওঁ ২০১৫ চনৰ এপ্ৰিলত মিলানৰ Salone del Mobileত প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত হৈছিল।

অসমৰ কাঁহ-পিতল শিল্পীসকলে পৰম্পৰাগতভাৱে হাঁতুৰিৰে কোবাই বিভিন্ন বাচন আৰু কলা সামগ্ৰী তৈয়াৰ কৰাৰ মৃত্যুমুখী শিল্পক পুনৰ জীৱন দানৰ উদ্দেশ্যেৰে ডিজাইনাৰজনে পিতল ব্যৱহাৰ কৰি কাম কৰি আহিছে।

বৰদলৈয়ে জনাইছে, ‘মোৰ এতিয়াৰ কামসমূহ প্ৰধানকৈ শিল্পসুলভ। কিন্তু আগলৈ শিল্পীৰ লগতে ৰবটৰ প্ৰয়োগেৰে এক উচ্চ প্ৰযুক্তিসমৃদ্ধ উৎপাদন ব্যৱস্থাৰে উদ্যোগমুখী ৰুপ ল’বলৈ মই আগ্ৰহী।’

ইটালিৰ ডিজাইনাৰ কেপেলিনিৰ মতে, ‘সামগ্ৰীসমূহৰ প্ৰতি তেওঁৰ সংবেদনশীলতাৰ বাবে মোক ৰঞ্জন বৰদলৈৰ কামসমূহে আকৰ্ষিত কৰিছে। তেওঁৰ প্ৰকল্পসমূহ কেতিয়াও সহজসাধ্য নহয়, কিন্তু তেওঁৰ দেশৰ পৰম্পৰাগত শিল্প পৰম্পৰাৰ উৎপাদন পদ্ধতিৰ ব্যৱহাৰৰ যোগেৰে সেইবোৰে সমসাময়িক আৰু উদ্ভাৱনমুখী শৈলীৰ সংমিশ্ৰণ সাধিবলৈ সক্ষম হৈছে।’