NORTHEAST NOW (Assamese)

বগীঢলা ঘটনাৰ বুজ লয় অসম সাহিত্য সভাৰ সঁজাতি দলে

December 15, 2017 3:27 pm · এন ই নাও নিউজ
Updated: December 15, 2017 3:47 pm

১৩ ডিচেম্বৰত গোলাঘাট জিলাৰ বগীঢলা চাহ বাগিচাখনৰ মালিক পক্ষই শ্ৰমিকৰ ওপৰত কৰা গুলী চালনাৰ ঘটনাৰ পিছত আজি অসম সাহিত্য সভা আৰু গোলাগাট সাহিত্য সভাৰ এটি সঁজাতি দলে বগীঢলা চাহ বাগিচাত উপস্থিত হৈ আহত শ্ৰমিক সকলৰ অৱস্থাৰ বুজ লয়। সঁজাতি দলটোৱে আহত শ্ৰমিক সকলৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ বিতৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ সৱিশেষ বুজ লয় বুলি জানিব পৰা গৈছে। আনহাতে দলটোৱে মালকিপক্ষই বাগিচাখনৰ শ্ৰমিকসকলৰ ওপৰত চলোৱা এই বৰ্বৰতাক গৰিহণা দিয়াৰ লগতে  প্ৰতিজন ক্ষতিগ্ৰস্ত পৰিয়ালৰ সদস্য সকলক লগ কৰি তেখেতসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনাব বুলি ৰাইজক আস্থা প্ৰদান কৰে। সঁজাতিৰ দলটোত অসম সাহিত্য সভাৰ হৈ যুৱ সংসদৰ সভাপতি নুৰুল চুলতান, গোলাঘাট জিলাৰ সভাপতি সুৰেন গায়ন, সম্পাদক তফজুল হক বৰবৰা, সহ-সম্পাদক পবিত্ৰ নাথ, স্থানীয় দৈগ্ৰোং শ্খাৰ সভানেত্ৰী অনিমা শইকীয়া, সম্পাদক মনোজ বৰা, স্থানীয় আটছাৰ সম্পাদক অমিত তাঁতী সহ প্ৰায় পঞ্চশজনীয়া এটি দল উপস্থিত থাকে।

 

 

Related News