বগীধলা কাণ্ড শ্ৰমিকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ এক নাটক : আছা

গোলাঘাট জিলাৰ বগীধলা চাহ বাগিচাত যোৱা ১৩ ডিচেম্বৰত মালিকপক্ষই শোষিত-নিষ্পেষিত চাহশ্ৰমিকৰ ওপৰত গুলী চালনাৰে ১৫ জনকৈ শ্ৰমিকক আহত কৰাৰ চাঞ্চল্যকৰ ঘটনা তথা তাৰ পৰিণতিত হোৱা উত্তপ্ত পৰিৱেশৰ পিছত অৱশেষত মালিকপক্ষই অনিদিষ্ট কাললৈ বাগিচাখনত লক-আউট ঘোষণা কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰাই। আজি সংবাদমাধ্যমৰ আগত ষ্টিফেন লাক্ৰাই বগীধলা চাহ বাগিচাৰ ঘটনাটোক নাটক আখ্যা দি এয়া চৰকাৰ আৰু মালিকপক্ষই বুজাবুজিৰে কৰা ঘটনা আছিল আৰু শ্ৰমিকসকলক তেওঁলোকে পাবলৈ থকা দৰমহা, বোনাছ তথা আন আন প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ এক পৰিকল্পিত কৌশল বুলি দাবী কৰে। আদিবাসী ছাত্ৰনেতাজনে শীঘ্ৰেই লক-আউট প্ৰত্যাহাৰ কৰাৰ বাবে দাবী তোলে।

উল্লেখযোগ্য যে যোৱা ১৩ ডিচেম্বৰত গোলাঘাটৰ বগীধলা চাহ বাগিচাৰ মালিকদ্বয় সুধীৰ ৰয় আৰু সমীৰ ৰয়ে প্ৰাপ্য দৰমহা তথা বোনাচ আদি বিচাৰি অহা বাগিচাৰ শ্ৰমিকৰ ওপৰত গুলীচালনা কৰাত ১৫ জনকৈ শ্ৰমিক আহত হৈছিল। ইয়াৰ প্ৰতিবাদত আটছা আৰু আছাই বন্ধকে ধৰি একাধিক প্ৰতিবাদী কাৰ্য্যসূচী লৈছিল। উত্তপ্ত পৰিস্থিতিৰ অজুহাতত বাগিচাখনত লক-আউট ঘোষণা কৰাত এতিয়া শ্ৰমিকসকলে তেওঁলোকৰ দৰমহাৰ লগতে কামৰ পৰাও বঞ্চিত হৈ ঘোৰ অসুবিধাত পৰিছে।