বগৰীবাৰীৰ পানবাৰীত তীব্ৰবেগী আলট্রা বাছে প্ৰাণ ল’লে শিশুৰ

বগৰীবাৰীত দুৰ্ঘটনা

বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত এজন দহ বছৰীয়া শিশু থিতাতেই নিহত হয় |

ঘটনা অনুসৰি এএছ-১৭ বি /৬১৩০ নম্বৰৰ জোন বেলি নামৰ আলট্ৰাবাছ খন ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে তীব্ৰবেগে গৈ থকা অৱস্থাত পানবাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন দহ বছৰীয়া শিশুক মহতিয়াই লৈ যোৱাত শিশুটি থিতাতেই নিহত হয়।

ঘটনাস্থলীত নিহত হোৱা শিশুটিক ওয়াজেদ আলী বুলি চিনাক্ত কৰা  হৈছে। দালানেৰ আলগা দ্বিতীয় খণ্ড গাঁৱৰ ৰহম আলীৰ পুত্র ওৱাজেদে ৰাস্তা পাৰ হোৱা অৱস্থাত তীব্ৰ বোগী আলট্ৰা বাছখনে মহতিয়াই থৈ যায়।

দুৰ্ঘটনাটোৰ খৱৰ পোৱাৰ পিছতেই বগৰীবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰন কৰি পথছোৱা মুকলি কৰি দিয়ে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা বাছখন বৰ্তমান বগৰীবাৰী আৰক্ষীৰ জিম্মাত আছে।