NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলাৰ যোগীঘোপাত পূৰ্বে যৌন নিৰ্যাতন কৰা কিশোৰীক এইবাৰ হত্যা কৰিলে একেজন লম্পটে

August 26, 2018 5:33 pm · এন ই নাও নিউজ

কিছুদিন পূৰ্বে যোগাঘোপাৰ এগৰাকী ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন কৰি ৰাইজৰ ৰোষৰ বলি হোৱা লম্পট এজন লোকে উক্ত কিশোৰীগৰাকীক হত্যা কৰি মৃতদেহ এটা জলাশয়ত পেলাই দিয়ে। এই জঘন্য ঘটনাটো সংঘটিত কৰা অঞ্চলটোৰ সুমৰ আলী নামৰ লম্পটজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰামতে, যোৱা সুমৰ আলী নামৰ বিবাহিত এই লম্পটজনে কিশোৰীগৰাকীক যৌন নিৰ্য্যাতন কৰাৰ পিছতে স্থানীয় ৰাইজে সুমৰক বিচাৰ কৰি ক্ষমা খোজাইছিল।

কিন্তু তাৰ পিছত যোৱা ২৩ আগষ্টত সুমৰে কিশোৰীগৰাকীক পুনৰ অপহৰণ কৰে আৰু যৌন নিৰ্যাতন কৰি হত্যা কৰে। দুৰ্ভগীয়া কিশোৰীগৰাকীৰ মৃতদেহটো সুমৰে যোগীঘোপাৰ বালাপাৰাৰ এটা জলাশয়ত পেলায় দিয়ে।

নিৰুদ্দেশ হৈ থকা কিশোৰীগৰাকীৰ মৃতদেহটো ২৪ আগষ্টত জলাশয়টোৰ পৰা উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত যোগীঘোপা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক শইকীয়াই ২৫ আগষ্টত ভঁৰালকুণ্ডী নামৰ ঠাইৰ পৰা লম্পট সুমৰ আলীক আটক কৰে।

Related News