বঙাইগাঁৱত বোকাময় পথে যমৰ যাতনা ভোগাইছে ৰাইজক

প্ৰতিনিধিত্বমূলক ছবি

বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা-নাম্বাৰপাৰা গাওঁ পঞ্চায়তত এনৰেগা আঁচনিৰ লাখ লাখ টকা আৱণ্টন হৈছিল যদিও পথৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই।

গনবিন্যাৰ পৰা বাংলাপাৰা হৈ নাম্বাৰপাৰা লৈ যোৱা গড়কাপ্তানী পথটোৰ বাবদ এনৰেগা আঁচনিৰ জৰিয়তে ২০১৪-১৫, ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত প্ৰায় ২০ লক্ষাধিক টকা আৱন্টন দিয়া হৈছিল যদিও নামমাত্ৰ কাম কৰিয়েই পঞ্চায়ত সভাপতি আৰু সচিবে সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।

বিভাগীয় কতৃপক্ষৰ লগত মিতিৰালি কৰি পঞ্চায়ত সভাপতি আৰু সচিবে এই আচনিৰ লগতে আন আন আচনিত বিগত ৫ বছৰে ব্যাপক লুন্ঠনৰাজ চলাইছে বুলি স্থানীয় ৰাইজে অভিযোগ তোলে।

আনহাতে ২০১৭-১৮ বৰ্ষতো একটা পথতে ছি ছি ব্লক ৰোডৰ নামত ১০ লক্ষাধিক টকাৰ এখন ফলক আৰি থোৱা হৈছে যদিও এতিয়ালৈকে কোনো কাম হোৱা নাই। যাৰ ফলত পথটো এতিয়া মৰনফান্দত পৰিনত হৈছে।

সামান্য বৰষুনতে উক্ত পথটোত মটৰচাইকল বা আন সৰু চাৰিচকীয়া বাহন চলাব নোৱাৰা অৱস্থা হয়, ইয়াৰ ফলত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

আনকি কৃষি প্ৰধান অঞ্চলটোত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতি বাতি কৰা হয় কিন্তু ৰাস্তাটোৰ বাবে বজাৰলৈ নিয়াত অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ জনতা।

উক্ত পঞ্চায়তত অবাধে চলি থকা দূৰ্নীতিত অতিষ্ঠ হৈ স্থানীয় যুৱক জাহাংগীৰ কামাল পাশাই আদালতত এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।