NORTHEAST NOW (Assamese)

বঙাইগাঁৱত মহিলাৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ : ধৰ্ষণৰ সন্দেহ

April 20, 2018 5:26 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

অসমত সাম্প্ৰতিক সময়ত ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰিব কোনো মহিলা, যুৱতী, কিশোৰী তথা নাবালিকা। কিয়োনো ঘৰৰ ভিতৰৰ পৰা ওলোৱা মাত্ৰকে পুনৰ ঘৰলৈ ওভতি অহাৰ সম্ভাৱনা কম। কিয়নো ৰাজ্যখনত প্ৰতি দিনে বৃদ্ধি পাবলৈ ধৰিছে নাৰী জনিত অপৰাধমূলক কাৰ্য কলাপ। এই কথা প্ৰমাণ কৰিছে ৰাজ্যখনত পুনৰ শুকুৰবাৰে এগৰাকী মহিলাৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰে।

উল্লেখযোগ্য যে শুকুৰবাৰে বঙাইগাঁও জিলাৰ ধ’লাগাঁৱৰ এখন পথাৰত এগৰাকী অৰ্ধ উলংগ মহিলাৰ মৃতদেহ উদ্ধাৰ হয়।

প্ৰাপ্ত তথ্য মতে মহিলাগৰাকী বৃহস্পতিবাৰে নিশা বঙাইগাঁৱৰ পৰা জুবিন গাৰ্গৰ অনুষ্ঠান চাই অহাৰ পথতে এই ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে মহিলা গৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰি পথাৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মহিলা গৰাকীক সবিতা নাথ বুলি চিনাক্ত কৰৰিছে আৰক্ষীয়ে। মহিলাগৰাকী ধ’লাগাঁৱৰ ভটিয়াপাৰৰ নিৱাসী বুলি জানিব পৰা গৈছে।

Related News