NORTHEAST NOW (Assamese)

বঙাইগাঁৱৰ অভয়াপুৰীত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৭ টাকৈ বাসগৃহ ভস্মীভূত

April 29, 2018 4:24 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী লতিবাৰীত আজি পুৱা সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত ৭টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লতিবাৰীত দেওবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত নুৰ মহম্মদ, ছাইফুল ইছলাম, ছাফিকুল ইছলাম, নুৰুল ইছলাম, আইনুল হক, মুক্তাৰ আলি আৰু মফিদুল ইছলাম নামৰ লোককেইজনৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ফলত উক্ত লোক কেইজনৰ বাসগৃহৰ আচবাবকে ধৰি প্ৰায় ৬ লাখ টকাৰ সামগ্ৰী জুইত জাহ যায়।

আনহাতে অগ্নিকাণ্ডৰ খবৰ পাই অভয়াপুৰীৰ অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

Related News