শুকুৰবাৰৰ হোলী উদযাপনৰ দিনটোতে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চকীহালিত দুই বাইকৰ মুখামুখি সংঘৰ্ষত আহত হোৱা চাৰিজন লোকক মাৰপিট কৰাক লৈ উত্তেজনাৰ সৃষ্টি হয়।
প্ৰাপ্ত তথ্য মতে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চকীহালিত দুখন বাইকৰ মাজত সংঘৰ্ষ হয়। যাৰ ফলত অপূৰ্ব ৰায় (২২),বনজিৎ দাস (২৯),গুনজিৎ দাস (২২)আৰু খনিন্দ্ৰ দাস (২৫) গুৰুতৰভাৱে আহত হয়।
আনহাতে স্থানীয় একাংশই গুৰুতৰভাৱে আহত হোৱা যুৱক কেইজনক মাৰপিট কৰিবলৈ ধৰে আৰু তেওঁলোকৰ বাহনকেইখন জ্বলাই দিয়াৰ চেষ্টা চলাই। অৱশ্যে ঘটনাস্থলীত মানিকপুৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
দুৰ্ঘটনাত আহতসকলক ১০৮ ৰ পৰিৱৰ্তে আৰক্ষীৰ গাড়ীৰে মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত আঘাতপ্ৰাপ্ত যুৱক কেইজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।