বঙাইগাওঁ তাপ শক্তি প্ৰকল্পত ২৫০ মেগাৱাটৰ এক নতুন গোটৰ অনুমোদন এন টি পি চিৰ

Bongaigaon Thermal Power Project

নেশ্যনেল থাৰমেল পাৱাৰ কৰপ’ৰেশ্যন (এন টি পি চি)এ কোকৰাঝাৰত অৱস্থিত বঙাইগাওঁ তাপ শক্তি কেন্দ্ৰলৈ অহা বিত্তীয় বৰ্ষত ২৫০ মেগাৱাটৰ এক তাপ শক্তি প্ৰকল্প অনুমোদন কৰিছে।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ ভিতৰত বঙাইগাওঁ তাপ শক্তি প্ৰকল্পই হৈছে এন টি পি চিৰ অধীনৰ প্ৰথমটো প্ৰকল্প। মুঠ ৭৫০ মেগাৱাট ক্ষমতাৰ (৩×২৫০ মেগাৱাট) প্ৰকল্পটোৰ পূৰ্বৰ দুটা গোটৰ পৰা ইতিমধ্যে ৫০০ মেগাৱাট (২×২৫০) ক্ষমতাৰ শক্তি উৎপাদন হৈ আছে।

এই বৰ্ষৰ মে-জুন মাহৰ ভিতৰত নতুন গোটটোৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। নতুন গোটটোৰ কাম আৰম্ভ হ’লেই বঙাইগাওঁ তাপ শক্তি কেন্দ্ৰই ৭০০ মেগাৱাটৰ শক্তি উৎপাদন কৰিবলৈ সক্ষম হ’ব।

নতুন গোটটো চলাবলৈ প্ৰয়োজন হোৱা কয়লা ইষ্টাৰ্ন ক’লফিল্ডছ লিমিটেড, নৰ্থ ইষ্ট ক’লফিল্ডছ আৰু চেণ্ট্ৰেল ক’লফিল্ডছ লিমিটেডৰ পৰা যোগান ধৰা হ’ব।

গোটটো উৎপাদনক্ষম হৈ উঠাৰ পিছতে উত্তৰ-পূবৰ সকলো ৰাজ্যলৈ শক্তি যোগান ধৰা হ’ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

আনহাতে প্ৰকল্পটোৰ পৰা ছালফাৰ ডাইঅক্সাইডৰ নিৰ্গমনক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমবাৰৰ বাবে প্ৰকল্পটোত ‘ফ্লু গেছ ডিছালফাৰাইজেশ্যন’ প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।