NORTHEAST NOW (Assamese)

বঙাইগাৱঁৰ অভয়াপুৰীত অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক আটক

April 26, 2018 7:59 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰ আৰক্ষীয়ে আজি যোৱা নিশা এটা গোপন সূত্ৰৰ পম খেদি বঙাইগাওঁ জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অধীনৰ শালমৰা অঞ্চলৰ পৰা এজন অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক আটক কৰে।

আটক হোৱা ব্যক্তিজন হ’ল বঙাইগাওঁ আৰক্ষী থানাৰ অধীনৰ চৌপাৰা গাৱঁৰ প্ৰয়াত সৎসিং মাৰাকৰ পুত্ৰ সুনীল চাংমা (৫৫) বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

অভিযানৰ সময়ত আৰক্ষীয়ে সুনীল চাংমাৰ ঘৰৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুক, অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা আহিলা আদি উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰটোৱে জনোৱামতে, সুনীল চাংমা কেৱল অবৈধ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহতে নহয়, অসমৰ বিভিন্ন ঠাইৰ পৰা দিল্লী তথা উত্তৰ ভাৰতলৈ নাৰী সৰবৰাহতো জড়িত আছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে সুনীল চাংমাক জেৰা চলাই আছে।

উল্লেখযোগ্য যে অভিযানটোৰ নেতৃত্ব দিছিল কোকৰাঝাৰৰ উপ-আৰক্ষী অধীক্ষক পুনাজিৎ নাথ আৰু আৰক্ষী পৰিদৰ্শক লাতুক দাসে।

Related News