আজি যোৱা নিশা ১২ বজাৰ ঠিক পিছতে, অৰ্থাৎ নতুন বছৰটোৰ প্ৰথম ঘণ্টাৰ আৰম্ভণিতেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনামতে ৰাজ্যখনত বহু চৰ্চিত তথা অসমীয়া মানুহৰ বহু প্ৰত্যাশিত এন আৰ চিৰ প্ৰথমটো খচৰা মুকলি কৰা হয়। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰজ্যিক সমন্বয়কৰ কাৰ্য্যালয়ত এক সংবাদমেল আয়োজন কৰি এন আৰ চি কৰ্তৃপক্ষই প্ৰথমটো খচৰা মুকলিৰ আনুষ্ঠানিক ঘোষণা কৰে। সংবাদমেলত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ লগতে ভাৰতৰ মহা পঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত শৈলেশ উপস্থিত আছিল।
সংবাদ মেলত এন আৰ চি কৰ্তৃপক্ষই জনোৱা মতে বৰ্তমান ১.৯০ কোটি লোকৰ নাম এই খচৰাত অন্তৰ্ভুক্ত হৈছে আৰু পৰৱৰ্তী খচৰাত ১.২৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হ’ব। সংবাদমেলত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কয় যে ৩.২৯ কোটি লোকৰ নাম জড়িত হৈ থকা ৬৮.২৭ লাখ আৱেদনকাৰীৰ দ্বাৰা দাখিল কৰা ৬.৫০ কোটিৰো অধিক নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়াটো এটা দীঘলীয়া তথা জটিল প্ৰক্ৰিয়া। প্ৰতিজন আৱেদনকাৰীৰ ক্ষেত্ৰত প্ৰাসংগিক যোগসূত্ৰ স্থাপনকাৰী প্ৰামাণ্য নথিৰ মাধ্যমেৰে পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰিব লগীয়া হয়। প্ৰত্যেকখন নথিৰ সত্যাসত্য সেই নথি প্ৰদানকাৰী কৰ্তৃপক্ষৰ লগত থকা অফিচিয়েল তথ্যৰ লগত তুলনা কৰি আৰু ঘৰে ঘৰে গৈ কৰা পৰীক্ষাৰ দ্বাৰা নিৰ্ণয় কৰিব লগীয়া হয়। এই প্ৰক্ৰিয়াটোত প্ৰায় ৪১ হাজাৰ কৰ্মচাৰী নিয়োজিত হৈ আছে।
লগতে ৰাজ্যিক সমন্বয়কজনে স্পষ্টকৈ কয় যে এই গোটেই প্ৰক্ৰিয়াটো বিস্তৃত, ন্যায়সংগত আৰু নিৰপেক্ষভাৱে ৰূপায়ণ কৰা হৈছে। নাম বাদ পৰাসকলে সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পিছত আৱশ্যকবোধে দাবী বা আপত্তি দাখিল কৰাৰ সুযোগ পাব।
উল্লেখযোগ্য যে মাজ ৰাতিও মহা পঞ্জীয়ক আৰু ৰাজ্যিক সমন্বয়কে অসমৰ বিভিন্ন জিলাবোৰৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে খচৰা প্ৰকাশৰ কাৰ্য্যসূচীটো সমগ্ৰ অসমত একে সময়তে সম্পন্ন কৰে।
আনহাতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই এই খচৰা প্ৰকাশক ঐতিহাসিক ঘটনা বুলি আখ্যা দিয়ে।