বছৰ বছৰ ধৰি উপেক্ষিত কোকিলাবাসী; এখন দলং নিৰ্মাণৰ অনুৰোধ চৰকাৰক

kokila image

চৰকাৰ আহে আৰু যায়, কিন্তু প্ৰতিশ্ৰুতি কেতিয়াওঁ বাস্তৱত প্ৰতিফলিত নহয় তাৰেই এক নিদৰ্শন কোকিলা। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টি তথা সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কোকিলা গাঁৱৰ মাজেৰে বৈ যোৱা নদী খনে জীয়াতু ভুগাইছে অঞ্চলবাসীক। স্বাধীনতাৰ ৭১ বছৰ পাৰ হৈ যোৱাৰ পিছতো এই নদীৰ ওপৰত নিৰ্মাণ নহ’ল এখন কাঠৰ দলং।

ছয় সাতখন গাঁৱৰ লগতে সাত আঠখন বিদ্যালয় মহাবিদ্যালয়ক সাঙুৰি লোৱা নদীখনৰ ওপৰেৰে প্ৰতিদিনে কৰিবলগীয়া হয় বিপদ সংকুল যাত্ৰা। বাৰিষা কালত বিদ্যালয়লৈ যাব নোৱাৰা হয় ছাত্ৰ-ছাত্ৰীসকল। জীৱনটো হাতৰ মুঠিত লৈ বিপদ সংকুল যাত্ৰা কৰিব লগা হয় কণ কণ শিশু তথা ছাত্ৰ ছাত্ৰীয়ে।

স্থানীয় বিধায়ক আব্দুল হাই নাগৰিকক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো অঞ্চলবাসীয়ে কোনো সুফল পোৱা নাই।  অঞ্চলবাসীয়ে অভিযোগ কৰা অনুসৰি নিৰ্বাচন অহাৰ লগে লগে বিভিন্ন প্ৰতিশ্ৰুতি দি  ভোট সংগ্ৰহ কৰে আৰু নিৰ্বাচিত হোৱাৰ পাছত পাহৰি যায় সকলো প্ৰতিশ্ৰুতি।

ইয়াৰ আগৰ বিধায়ক ভূপেন ৰায়কো ৰাইজে বহু কাকতি মিনতি কৰিছিল যদিওঁ কোনো সহাৰি লাভ নকৰিলে। সেয়ে অঞ্চলবাসীৰ এতিয়া আস্থা নোহোৱা হৈছে জনপ্ৰতিনিধিৰ ওপৰত।

বছৰ বছৰ ধৰি উপেক্ষিত হৈ অহা উক্ত অঞ্চলৰ লোকসকলৰ এতিয়া এটাই অনুৰোধ, পৰিৱৰ্তনকামী বি জেপি  চৰকাৰখনে যাতে এই পোকালাগী নদীৰ ওপৰত এখন দলঙ নিৰ্মাণ কৰি দি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰে।