বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা : এজন আহত

Accident

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বৰপেটা জিলাৰ বজালী উপ সংমন্দলৰ অন্তৰগত পাটাচাৰকুছি আৰক্ষী চকীৰ ওচৰৰ কুৱাৰাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰেক্টৰ আৰু স্কুটিৰ মাজত হোৱা দুৰ্ঘটনাটোৰ ফলত এজন লোক গুৰুতৰ ভাবে আহত হৈছে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি পাঠশালাৰ দিশত গৈ থকা এ এছ ২৮/ ১৭২১ নম্বৰৰ স্কুটিখনক একে দিশত আহি থকা এখন নম্বৰ প্লেটবিহিন তীব্ৰবেগী ট্ৰেক্টৰে খুন্দা মৰাৰ ফলত লোকজন গুৰুত্তৰ ভাবে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে স্কুটিখনৰো বিস্তৰ ক্ষতিসাধন হয়। দুৰ্ঘটনাটোত আঘাত পোৱা লোকজনক থমনাৰ গীতাৰ্থ তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে তেওঁ কিবা কামত ঘৰৰ পৰা পাঠশালালৈ গৈ আছিল। আনহাতে পাটাচাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰেন কলিতায়ে জনোৱা মতে আহত গীতাৰ্থ তালুকদাৰক দুৰ্ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজৰ সহযোগত পাঠশালাৰ চহিদ মদন ৰাউতা চিকিৎসালয়লৈ লৈ অনা হয়। কিন্তু তেওঁৰ অৱস্থা বেছি সংকটজনক হৈ পৰাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।