বজালীত বিধ্বংসী অগ্নিকাণ্ডত বহু লাখ টকাৰ সম্পত্তি ভষ্মীভূত

যোৱা নিশা বজালীত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। এখন চাহৰ দোকানত চিৰিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত পাটাছাৰকুছি থানাৰ অধীনৰ খাৰাধৰাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত কেইঘন্টামানৰ ভিতৰতে এখন ফাৰ্মাচী, এখন মণিহাৰী দোকানকে ধৰি আন কেইবাখনো দোকান ভষ্মীভূত হয়।

অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে কেইমিনিটমানৰ ভিতৰতে জুঁই বিয়পি পৰিছিল আৰু অগ্নিকাণ্ডৰ বাতৰি পোৱাৰ লগে লগে স্থানীয় দোকানীসকল ঘটনাস্থলীলৈ আহি তেওঁলোকৰ সা-সম্পত্তিখিনি ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।

অঞ্চলটোৰ স্থানীয় লোকসকলে জানিব দিয়া মতে এখন চাহৰ দোকানত চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হৈছিল। পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতা ততাতয়াকৈ আহি ঘটনাস্থলীত উপস্থিত হয়।

জুঁই নুমুৱাবৰ বাবে পাঠশালা, হাউলী, টিহুৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হৈ জুঁই নিয়ন্ত্ৰণলৈ আনে আৰু অধিক বিয়পি পৰাৰ পৰা অঞ্চলটোক ৰক্ষা কৰে।

অঞ্চলটোৰ স্থানীয় লোকে এই সংবাদদাতাৰ আগত অভিযোগ কৰে যে পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে অগ্নিনিৰ্বাপক গাড়ী সময়মতে আহি উপস্থিত হওঁতে পলম হয় আৰু জুঁই নিমিষতে বিয়পি পৰাত বহু লাখ টকাৰ সম্পত্তি ভষ্মীভূত হৈ পৰে।

স্থানীয় লোকসকলে পিছত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাক সৰ্বসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত পথৰ মেৰামতিৰ কাম কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।