বজালীৰ দৈশিংগৰী গাঁৱত কেৰোচিন ঢালি জ্বলাই দি স্বামীয়ে হত্যা কৰিলে পত্নীক

বজালীত হত্যাকাণ্ড

নাৰী নিৰ্যাতন,হত্যা আদিৰ ঘটনা সমগ্ৰ ৰাজ্যজুৰি বৃদ্ধি পোৱাৰ সময়তে বজালী মহকুমাৰ দৈশিংগৰী গাঁৱত শুকুৰবাৰে এজন স্বামীয়ে নিজ পত্নীৰ গাত কেৰোচিন ঢালি জুই জ্বলাই দি হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বজালীৰ দৈশিংগৰী গাঁৱৰ পংকজ মহন্তই আজিৰ পৰা প্ৰায় পাচঁ বছৰ পূৰ্বে গুৱাহাটীৰ বামুণীমৈদামৰ আনন্দনগৰ নিৱাসী দ্বিজেন তালুকদাৰ আৰু সুস্মিতা তালুকদাৰৰ জীয়াৰী জোনালী মহন্তৰ সতে প্ৰেমজনিত বিবাহ পাশত আৱদ্ধ হৈছিল।

জানিব পৰা মতে সম্পূৰ্ণ আইনৰ গন্ডীৰ মাজেৰে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু বিবাহৰ পিছৰে পৰা পংকজে জোনালীক প্ৰায়ে যৌতুক বিচাৰি শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।

শুকুৰবাৰে আবেলি পংকজে জোনালীৰ সতে কাজিয়া লাগি জোনালীক কেৰোচিন ঢালি জ্বলাই দি হত্যা কৰা বুলি জোনালীৰ পিতৃয়ে অভিযোগ কৰিছে।

শুকুৰবাৰে আবেলি ঘটনা সংঘটিত হোৱাৰ বহু পলমকৈ জোনালীক পাঠশালা চহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত পংকজৰ পৰিয়ালে ভৰ্তি কৰে যদিও চিকিৎসালয়তে জোনালীৰ মৃত্যু হয়।

বৰ্তমান আৰক্ষীয়ে পাঠশালা আৰক্ষী চকীত জোনালীৰ মৃতদেহটো ৰাখি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া চলাই আছে।

পাটাছাৰকুছি আৰক্ষী থানাত জোনালীৰ পিতৃয়ে পংকজৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে পংকজক গ্ৰেপ্তাৰ কৰি পাঠশালা আৰক্ষী চকীত ৰাখিছে।  আৰক্ষীয়ে ঘটনাটো গম পোৱাৰ পিছত কালি নিশাই পংকজ মহন্তক আটক কৰে।

আনহাতে, পংকজে জোনালীয়ে কালি অইন যুৱক এজনৰ লগত অসংযত অৱস্থাত থকাৰ সময়ত জোনালীক ধৰা পেলাই দুগালত চৰ শোধোৱাৰ পিছত জোনালীয়ে নিজেই গাত কেৰোচিন ঢালি জুই লগাই আত্মহত্যা কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।