বজালীৰ ধৰ্ষণৰ ঘটনাৰ দহ দিন পিছতো গ্ৰেপ্তাৰ কৰিব পৰা নাই পলাতক অভিযুক্তক : পথ অৱৰোধ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সংস্থাৰ

যোৱা ১২ ফেব্ৰুৱাৰিত বজালীত এগৰাকী নাবালিকাক ধৰ্ষণত অভিযুক্তজনক আৰক্ষীয়ে ঘটনাৰ দহ দিন উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ কৰিব নোৱৰাৰ প্ৰতিবাদত দাবীত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সংস্থা (All India Democratic Women’s Association)ৰ বজালী সমিতিয়ে আজি ইয়াত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

সম্পাদিকা বিজু ভট্টৰ নেতৃত্বত সংগঠনটোৰ সদস্যাসকলে ধৰ্ষণকাৰী অধয় মালাকাৰক তৎকালে গ্ৰেপ্তাৰ দাবী শ্ল’গানেৰে পাটাছাৰকুছি আৰক্ষী থানা উত্তাল কৰি তোলে আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

দশম শ্ৰেণীৰ ছোৱালীগৰাকীক অধয় মালাকাৰ নামৰ লোকজনে বজালীৰ মালিপাৰাত ধৰ্ষণ কৰা বুলি থানাত এজাহাৰ দাখিল কৰা হৈছিল।

এসপ্তাহ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ দক্ষিণ বজালী সমিতিয়েও ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আৰক্ষীৰ বিফলতাৰ প্ৰতিবাদত পথ অৱৰোধ কৰিছিল।