বজালীৰ হস্তিনাপুৰত গড়কাপ্টানি পথৰ সন্মুখতে শ্মশান নিৰ্মাণ কৰাক লৈ দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

বজালী মহকুমাৰ এক বৃহত্তৰ অঞ্চলৰ সমস্যাৰ প্ৰতি চকু দিবলৈ যেন আহৰি নাই প্ৰশাসনৰ। অঞ্চলটোৰ মাজেৰে যোৱা গড়কাপ্টানি পথটোৰ গহীনপাৰা থানৰ প্ৰায় সন্মুখতে এখন শ্মশান নিৰ্মাণ কৰি থকাক লৈ স্থানীয় লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে বজালী মহকুমাৰ সদৰ পাঠশালাৰ পৰা ১২৭ নং(এ) ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন প্ৰায় ৫০ খন ৰাজহ গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ পথ বামাখাটা-কৰ্দেগুৰী পথটোৰ বিধ্বস্ত ৰূপ আৰু গড়কাপ্টানি বিভাগৰ চূড়ান্ত হেমাহিৰ লগতে ঠিকাদাৰৰ লুণ্ঠনৰ বাবে জহি-খহি যোৱাৰ পিছত যোৱা ২৬ মাৰ্চত আছু, যুৱ ছাত্ৰ, কৃষক মুক্তিৰ লগতে অঞ্চলটোৰ ৰাইজে পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

ইয়াৰোপৰি পহুমাৰা নৈৰ বুকুৰ পৰা জেচিবিৰে বালি মাটি কাটি দিনে-নিশাই ডাম্পাৰ-ট্ৰেক্টৰেৰ পথটোৰে অহা-যোৱা কৰি পথচাৰীৰ বাবে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰাৰ পিছতো বজালী মহকুমা আৰক্ষী প্ৰশাসন আৰু বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে।

ৰাইজৰ এই জলন্ত সমস্যাৰ উপৰিও গড়কাপ্টানি পথটোৰ গহীনপাৰা থানৰ প্ৰায় সন্মুখতে বৰ্তমান নিৰ্মাণ হৈ আছে এখন শ্মশান যাক লৈ সম্প্ৰতি অঞ্চলটোৰ লোকসকল খৰ্গহস্ত হৈ পৰিছে।

এই সম্পৰ্কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব হস্তিনাপুৰ সমিতি, কৃষক মুক্তিৰ বজালী জিলা সমিতি আৰু আছু হস্তিনাপুৰ আঞ্চলিক সমিতিয়ে বৰপেটা জিলা উপায়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এখন স্মাৰকপত্ৰও প্ৰদান কৰিছিল।

ৰাইজৰ আৱেগ অনুভূতিক গুৰুত্ব নিদি এক সদাব্যস্ত পথৰ নিচেই কাষতে কোনে শ্মশান নিৰ্মাণৰ অনুমতি দিলে বুলি যুৱ ছাত্ৰ পৰিষদৰ নেতা বুবুল পাটগিৰী আৰু কৃষক মুক্তিৰ বজালী জিলা সমিতিৰ নেতা গুৰুপ্ৰসাদ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

শ্মশানখন সম্পূৰ্ণ হ’লে পথটোৰে ৰাইজে যাতায়াত কৰাত ভীষণ সমস্যাৰ সন্মুখীন হ’ব বুলি ক্ষোভ প্ৰকাশ কৰি সময় থাকোতে শ্মশানখনৰ নিৰ্মাণৰ কাম বন্ধ নকৰিলে ৰাইজৰ সহযোগত সংগঠনকেইটাই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি দিয়ে।