ছাত্ৰক আক্ৰমণৰ ঘটনাৰ নতুন মোৰ : হত্যাকাৰীৰ অৰ্ধগলিত মৃতদেহ ধাননি পথাৰত উদ্ধাৰ

images (15)

বজালী মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাষিকৰ ছাত্ৰ তথা সদানন্দ গায়ন আৰু স্বৰস্বতী গায়নৰ পুত্ৰ কিশোৰ গায়নক অসীম কলিতা নামৰ ২৮ বছৰীয়া লোক এজনে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিছিল। বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভাৰেগাঁৱত সংঘটিত এই আক্ৰমণৰ চাঞ্চল্য মাৰ নেযাওতেই ঘটনাই নতুন মোৰ লোৱাটো পৰিলক্ষিত হৈছে।

সদ্যহতে আৰক্ষীয়ে অভিযুক্ত অসীমক বিচাৰি তালাচী অভিযান চলাই থকাৰ মাজতে বজালী মহাবিদ্যালয়ৰ ছাত্ৰজনৰ আক্ৰমণত জড়িত হোৱাৰ অভিযোগত অভিযুক্ত অসীম কলিতাৰ অৰ্ধগলিত মৃতদেহটো ধাননি পথাৰৰ মাজত উদ্ধাৰ হৈছে।

আৰক্ষীৰ মতে কেইদিনমান পূৰ্বে অসীমে কিশোৰ গায়নক আক্ৰমণ কৰাৰ পাছতে নিৰুদ্দিষ্ট অৱস্থাত থকাৰ পাছত আজি অসীমৰ অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ হয়।

আক্ৰমণটোত কিশোৰ দেহৰ বাঁওফাল আৰু বুকুত যথেষ্ট আঘাত পায়। বেয়াকৈ আঘাতপ্ৰাপ্ত কিশোৰক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু পাছত তেওঁক উত্তৰ গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল।

কিশোৰৰ পৰিয়ালৰ লোকে বালাপাৰা আৰক্ষী চকীত আক্ৰমণকাৰী অসীম কলিতাৰ বিৰুদ্ধে এখন এজাহাৰ দিছিল। এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে সোমবাৰে পুৱা ৯-০০ মান বজাত কিশোৰে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত অসীমে হঠাতে তেওঁক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি ঘাইল কৰিছিল।

৮ আগষ্টত বালাপাৰা আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ ৩২৬ ধাৰাৰ অধীনত ৩৭০/১৮ নম্বৰত এটা গোচৰ পঞ্জীয়ণভুক্ত কৰা হৈছিল।

আজি অসীমৰ অৰ্ধগলিত মৃতদেহটো সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বালাপাৰা এলেকাৰ এখন ধাননি পথাৰত পোৱা গৈছে। বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দাসে জনাইছে যে অসীম কলিতাৰ মৃতদেহটো বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে। বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনাইছে যে ঘটনাটোৰ ওপৰত এটা বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে।