বজালী মহাবিদ্যালয় চৌহদত স্থাপন কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তৰ্গত পৰিয়াল-বৃক্ষ পুনৰীক্ষণ কেন্দ্ৰটোৱে মহাবিদ্যালয়খনৰ কেবল শৈক্ষিক পৰিৱেশেই নষ্ট কৰা নাই, স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰিছে বুলি ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰিছে।
বিভিন্ন স্থানৰ পৰা লোক আহি কেবল ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰৰ বাবে সংৰক্ষিত মুত্ৰাগাৰ আৰু শৌচাগাৰসমূহ ব্যৱহাৰ কৰি সেইবোৰ লেতেৰা কৰি পেলাইছে বুলি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰিছে।
সেয়েহে বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াতে কেন্দ্ৰটো স্থাপন কৰাৰ বিৰোধীতা কৰি বিদ্যালয় চৌহদৰ পৰা তাৎক্ষণিকভাৱে কেন্দ্ৰটো উঠাই নিয়াৰ দাবী উত্থাপন কৰিছে।
এই সংবাদদাতাৰ আগত বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কৈছে যে বিভিন্ন স্থানৰ পৰা মানুহ আহি হৈ-ছৈ কৰাৰ উপৰিও মুত্ৰাগাৰ আৰু শৌচালয়সমূহো ব্যৱহাৰ কৰে। তেওঁলোকে কৈছে যে শিক্ষক আৰু শিক্ষাৰ্থীক সুস্থ পৰিৱেশ প্ৰদান কৰিলেহে শিক্ষা গ্ৰহণ সম্ভৱপৰ। শিক্ষানুষ্ঠানত অকল শিক্ষা দান আৰু গ্ৰহণেই নহয়, পৰ্যাপ্ত সা-সুবিধাৰো প্ৰয়োজন আছে বুলি ছাত্ৰ-ছাত্ৰীসকলে মন্তব্য কৰিছে।