বন্যপ্ৰাণীৰ মৃত্যু : ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ হাতত বন্যপ্ৰাণী সুৰক্ষাৰ চাবি কাঠি

The-injured-elephant-570x320

বন্যপ্ৰাণী, বিশেষকৈ দ্ৰুতবেগী ৰে’লৰ খুন্দাত হাতীৰ মৃত্যুৰ বৰ্দ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ সঞ্চৰণ অঞ্চলৰ প্ৰতিটো নতুন আন্ত:গাঁথনিৰ বাবে এতিয়া ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ (এনবিডব্লিউ)ৰ অনুমোদনৰ প্ৰয়োজন হ’ব।

শনিবাৰে সন্ধিয়া মধ্য অসমৰ হোজাই জিলাৰ হাৱাইপুৰ ৰে’ল ষ্টেশ্যনৰ সমীপত শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনে চাৰিটাকৈ হাতীক খুন্দিয়াই নিহত কৰিছিল। হাতীকেইটাই লংকা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি দ্ৰুতবেগী ৰে’লখনৰ আগেৰে পাৰ হৈ যাব বিচাৰিছিল।

ৰাজ্যৰ বন বিভাগৰ বিষয়াসকলে এই মৃত্যুৰ ঘটনাক লৈ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মালিগাঁৱৰ মুখ্য কাৰ্যালয়ত দেওবাৰে তীব্ৰ প্ৰতিবাদ জনাইছিল। বন বিভাগৰ বিষয়াসকলে বনৰীয়া হাতী চলাচল কৰা পথছোৱাত এই ‘ঘাতক ৰে’ল’ খনৰ গতিক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

২০১৬ চনৰ ২১ ডিচেম্বৰত অসমৰ বন বিভাগে লামডিঙৰ ডিভিজনেল ৰে’লৱে মেনেজাৰ (ডিআৰএম)ক জনাইছিল যে লামডিং, হোজাই আৰু লংকা বনাঞ্চলৰ দক্ষিণ-পশ্চিম দিশেৰে যোৱা ৰে’ল লাইনত ১৯ টা বনৰীয়া হাতী চলাচল কৰা পথ (এলিফেন্ট কৰিডৰ) আছে।

যোৱা বছৰ ডিচেম্বৰৰ ১০ তাৰিখে মধ্য অসমৰ শোণিতপুৰ জিলাৰ বালিপাৰাৰ সমীপত এখন দ্ৰুতবেগী ৰে’লে এগৰাকী গাভিনী হাতীকে ধৰি পাঁচটা বনৰীয়া হাতীক মহটিয়াই নিছিল। ঘটনাস্থলীতে পাঁচোটা হাতীৰ মৃত্যু হৈছিল।

মৃত গাভিনী হাতীটোৰ পৰা পিছত এটি মৃত পোৱালি নিষ্কৰ্ষণ কৰি উলিয়াইছিল। দুৰ্ভাগ্যজনকভাৱে, ২০১৭ ত অসমত বিদ্যুৎস্পৃষ্ট হৈ, ৰে’লৰ খুন্দাত তথা মানুহৰ সৈতে সংঘাতৰ পৰিণতিত মুঠতে ৪০ টা বনৰীয়া হাতীৰ মৃত্যু হৈছিল।

বন্যপ্ৰাণীৰ অৱাসস্থলীৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’ল পথ আৰু বিদ্যুৎসংযোগী লাইনৰ সকলো প্ৰস্তাৱ এতিয়াৰে পৰা বন্যপ্ৰাণীৰ চলাচল সুৰক্ষিত কৰাৰ বাবে ‘বিশদ পৰিকল্পনা’ৰে দাখিল কৰিব লাগিব আৰু ইয়াৰ বাবে এক বিশেষ বাজেট ধাৰ্য কৰিব লাগিব।

বন্যপ্ৰাণী সুৰক্ষা পৰিষদৰ এগৰাকী সদস্যই নৰ্থ ইষ্ট নাওক জনায় যে আন্ত:গাঁথনিমূলক প্ৰকল্পৰ বাবে বিশেষ অনুমোদনৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত যোৱা ২৫ জানুৱাৰীত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ বিভাগৰ মন্ত্ৰী হৰ্ষবৰ্দ্ধনৰ অধ্যক্ষতাত এখন স্থায়ী সমিতিৰ বৈঠকত গ্ৰহণ কৰা হয়।

উক্ত বৈঠকত ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সঞ্চালক ভি বি মাথুৰ আৰু ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ বিষয়া দেবব্ৰত ছোৱাইন আৰু নিশান্ত বাৰ্মাও উপস্থিত আছিল।

আগন্তুক সকলো আন্ত:গাঁথনিমূলক প্ৰকল্পৰ ‘’বন্যপ্ৰাণী সঞ্চালন’’ বিষয়টো এতিয়া  বিশদ প্ৰকল্প প্ৰতিবেদনৰ (ডিপিআৰ) অংশ হৈ পৰিব। ৰূপায়নকাৰী সংস্থাসমূহে এতিয়া সংৰক্ষিত অঞ্চলৰ এখন আৱয়বিক মানচিত্ৰত সকলোবোৰ বন্যপ্ৰাণী চলাচল কৰা পথ চিহ্নিত কৰা প্ৰয়োজন হ’ব।

বন্যপ্ৰাণীৰ, বিশেষকৈ হাতীৰ সুৰক্ষাৰ বিষয়টোত সদস্যসকলে পতিয়ন গ’লেহে প্ৰকল্পটোত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সুৰক্ষা পৰিষদে অনুমোদন জনাব।

বিগত এটা দশকত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও সংৰক্ষণ বিষয়ক বেচৰকাৰী সংস্থাই উত্তৰ-পূৰ্বাঞ্চলৰ ঘাইপথ আৰু ৰে’ল পথত বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ ঘটনা সম্পৰ্কত বিভিন্ন প্ৰাৰম্ভিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ সম্পৰ্কত প্ৰচাৰ চলাই আহিছে। বেছিভাগ ক্ষেত্ৰতে তীব্ৰবেগী যান-বাহন চলাচল কৰা বহুমুখী পথসমূহত বন্যপ্ৰাণী পাৰ হৈ যোৱাটো প্ৰায় অসম্ভৱ হৈ পৰে।

আনহাত, বনমন্ত্রী প্রমীলাৰাণী ব্রহ্মই হোজাইৰ ঘটনাটো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনা ৰে’ল বিভাগৰ ভুলৰ বাবেহে সংঘটিত হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰিছে। তেওঁ কয় যে বন বিভাগৰ পৰা বাৰাম্বাৰ ৰে’ল কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে।