NORTHEAST NOW (Assamese)

বনৰীয়া হাতীৰ তাণ্ডৱৰ পৰা পৰিত্ৰাণ পাবলৈ বিহালীত হাতী পূজা

December 8, 2017 1:22 pm · এন ই নাও নিউজ ব্যুৰো

ৰাজ্যৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ন ন অঞ্চলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতীৰ জাক নামি আহি বিভিন্ন সময়ত খাদ্য-শস্য, বাসগৃহ অনিষ্ট কৰাৰ সমান্তৰালকৈ বহুতো মানুহৰ প্ৰাণ কাঢ়ি নিয়াৰো বাতৰি আহি আছে। এই হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ বিশ্বনাথ চাৰিআলিৰ বিহালী অঞ্চলৰ বতিয়ামাৰিৰ ৰাইজে হাতী পূজা কৰিছে। এই অঞ্চলত বিভিন্ন সময়ৰ পৰা বনৰীয়া জীৱ-জন্তুৱে সন্ত্ৰাসৰ  সৃষ্টি কৰি আহিছে বুলি স্থানীয় একাংশই জানিবলৈ দিয়ে। স্থানীয় প্ৰশাসন আৰু বন বিভাগে একো ব্যৱস্থা নোলোৱাৰো অভিযোগ উত্থাপন কৰে। বিহালী সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজে এনে এক দুৰ্ভোগ ভোগা বিষয়টো এক চিন্তনীয়। বিধায়ক হৈ থাকোতে জনাঞ্চললৈ প্ৰৱেশ কৰা হাতীৰ জাকক খেদি পঠিয়াবলৈ নিজাববীয়াকৈ জে চি বিৰ ব্যৱহাৰ কৰিছিল। কিন্তু মন্ত্ৰী হোৱাৰ পিছত স্থানীয় ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ ল’বলৈ আহৰি নাই বুলি ক্ষোভিত অঞ্চলবাসীয়ে আমাক জানিবলৈ দিয়ে। বিধায়ক তথা বন বিভাগৰ দ্বাৰা কোনো সঁহাৰি নোপোৱাত উপায়বিহীন হৈ অঞ্চলবাসীয়ে হাতী পূজা  কৰিবলৈ বাধ্য হৈছে।

ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ সমষ্টিত এনেদৰে হাতী পূজা আয়োজন কৰিব লগা হোৱাটো চৰম লজ্জাজনক বুলি ধিক্কাৰ দিছে বিপ্লৱী যুৱ সন্থায়। বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ চাৰিআলি জিলা সমিতিয়ে বিহালী ৰাইজ  তথা ক্ষতিগ্ৰস্ত অসমবাসীক বনৰীয়া হাতীয়ে কৰা ক্ষয়-ক্ষতিৰ উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই চৰকাৰৰ ওচৰত।

Related News