বন ধ্বংসত বাধা দিয়া বন বিষয়াক মাৰপিট কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্য্যবাহীৰ : অভিযুক্তক কৰা নাই আটক

Pradip-Diphusa

অভিযুক্ত প্ৰদীপ ডিফুচা

ধনশিৰি সংৰক্ষিত বনাঞ্চলত অবৈধ মাটি খননত বাধা দিবলৈ যোৱা ডিফুৰ আঞ্চলিক বন বিষয়া ডি এন হৰিজনক মৰিয়াই গুৰুতৰভাৱে আঘাত কৰাত অভিযুক্ত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰদীপ ডিফুচাক গোচৰ দিয়াৰ পিছতো গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে।

বনবিষয়াজনৰ অভিযোগৰ ভিত্তিত ডিফু থানাত এই সন্দৰ্ভত ডিফুচাৰ বিৰুদ্ধে গোচৰো পঞ্জীয়ন কৰা হৈছিল। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে গোচৰত অভিযুক্ত ডিফুচাক আটক নকৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে যোৱা ২৫ ফেব্ৰুৱাৰিত বনাঞ্চলখনৰ এটা এলেকাত জে চি বিৰে মাটি খান্দি ডাম্পাৰত কঢ়িয়াই থকা বুলি স্থানীয় লোকৰ পৰা খবৰ পাই বনকৰ্মী এজনক লগত লৈ বনবিষয়াগৰাকী সেই স্থানত উপস্থিত হয় আৰু মাটি খনাত বাধা দিয়ে।

উক্ত স্থানত উপস্থিত প্ৰদীপ ডিফুচাই বনবিষয়াৰ বাধাত ক্ষোভিত হৈ এডাল লাঠিৰে বিষয়াজনৰ মূৰত প্ৰহাৰ কৰে। ডিফুচাৰ মাৰত ঠাইতে ঢলি পৰা বিষয়াজনক প্ৰথমে ততাতৈয়াকৈ ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে প্ৰদীপ ডিফুচাই ধনশিৰি সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিন ধৰি গুণ্ডাগিৰিৰে লুণ্ঠনৰাজ চলাই অহা বুলি অভিযোগ উত্থাপিত হৈ আহিছে।

বন ধ্বংস ৰোধ কৰিবলৈ যোৱা স্বয়ং বন বিষয়াক কৰ্তব্যৰত অৱস্থাতে মৰিওৱাৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত লোক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাটোৱে চৰকাৰে বন ধ্বংস ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি কৰি অহা দাবীৰ অন্তঃসাৰশূন্যতাকে উদং খুৱাইছে বুলি সচেতন লোকে মন্তব্য কৰিছে।