NORTHEAST NOW (Assamese)

বন বিভাগৰ অভিযান : গোৱালপাৰা ৰংজুলি বনাঞ্চলত কাঠসহ অবৈধ কাঠফলা মিল জব্দ

June 26, 2018 1:41 pm · নীলমণি শৰ্মা

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলত দীৰ্ঘদিনৰ পৰা চলি থকা চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে সোমবাৰে বন বিভাগে এক অভিযান চলায়।

উল্লেখযোগ্য যে সোমবাৰে বন বিভাগে মাটিয়া আৰক্ষীৰ সহযোগত অভিযান চলাই শিমলীতোলাৰ ভাটিপাৰাৰ পৰা কাঠ সহ অবৈধ কাঠফলা মিল জব্দ কৰে। ৰংজুলি আঞ্চলিক বন বিষয়া বলেন কুমাৰ দাসৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।

প্ৰাপ্ত তথ্য মতে জলজলী নদীৰ পাৰত কাঠফলা মিলটো চোৰাং ব্যৱসায়ীয়ে স্থাপন কৰিছিলহে কিন্তু স্থাপনৰ কাম সম্পূৰ্ণ নৌহওঁতেই উচ্ছেদ বন বিভাগে অবৈধ মিলটো জব্দ কৰিবলৈ সক্ষম হয়। লগতে থেৰোপাৰাত জলাশয়ত লুকুৱাই ৰখা অৱস্থাত অপৈনত শাল গছৰ কুণ্ডাও উদ্ধাৰ কৰে।

আঞ্চলিক বন বিষয়া গৰাকীয়ে জনোৱা অনুসৰি জব্দকৃত কাঠফলা মিলটোৰ মূল্য প্ৰায় ১ লাখ ২৫ হাজাৰ হোৱাৰ বিপৰীতে কাঠখিনিৰ মূল্য প্ৰায় ২৫ হাজাৰ হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে স্থানীয় ৰাইজে বন বিভাগৰ এনে পদক্ষেপক শলাগ লয়।

Related News