NORTHEAST NOW (Assamese)

বহিঃৰাজ্যত অপহৃত অসমৰ যুৱকৰ মুক্তিপণ নিবলৈ আহি ধিং আৰক্ষীৰ জালত দুই অপহৰণকাৰী

June 5, 2018 10:57 am · মিণ্টু দাস

বহিঃৰাজ্যত অপহৰণ কৰি নিয়া অসমৰ যুৱকৰ মুক্তিপণ হিচাপে দাবী কৰা ধন নিবলৈ আহি ধিং আৰক্ষীৰ জালত পৰিল দুই অপহৰণকাৰী । ধিঙৰ কটহগুৰিৰ আব্দুল চালাম নামৰ লোকজনে বহিঃৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ চলেৰে কেইমাহমান পূৰ্বে একে গাঁ‌ৱৰে চমৰ আলী নামৰ লোকজনক লৈ গৈছিল উত্তৰ প্ৰদেশলৈ।

কেইদিনমানৰ আগতে চমৰ আলীক কোনো দুষ্ট চক্ৰই অপহৰণ কৰি তিনি লাখ টকা ধন দাবী কৰা বুলি জনাই পৰিয়ালৰ লোকক। পাছত ধন দাবী সন্দৰ্ভত অপহৃতৰ পৰিয়ালে সমগ্ৰ বিষয়টো ধিং আৰক্ষীক অৱগত কৰে।

বুধবাৰে অপহৃত পৰিয়ালৰ পৰা দাবী কৰা ধন নিবলৈ আহোতেই ধিং আৰক্ষীয়ে কৰায়ত্ব কৰে অপহৰণৰ লগত জড়িত দুজন অপৰাধীক।

অপৰাধী দুজন মৰিগাঁও জিলাৰ সৰুচলাৰ চফিকুল ইছলাম আৰু ফাইজ উদ্দিন বুলি জানিবলৈ দি বৰ্তমান  দুয়োজন অপৰাধীকে জেৰা অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে।

ইতিমধ্যে, সমগ্ৰ অপহৰণ কাণ্ডৰ মূল নায়ক আব্দুল চালামৰ সন্ধানত তথা অপহৃত ব্যক্তিক উদ্ধাৰৰ বাবে  বহিঃৰাজ্যৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছে ধিং আৰক্ষীয়ে।

উল্লেখ্য যে, ধিং আৰক্ষীয়ে কৰায়ত্ব কৰা দুয়োজন অপহৰণকাৰী নগাঁও আৰু মৰিগাঁও জিলাত সংঘটিত বহুকেইটা অপৰাধৰ লগত জড়িত বুলি জানিবলৈ দিয়ে।

Related News