NORTHEAST NOW (Assamese)

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ থকা অৱস্থাত সন্ধানহীন অসমৰ যুৱক

December 4, 2017 11:55 am · ৰমণী শৰ্মা
Updated: December 4, 2017 11:59 am
নিৰুদ্দেশ হোৱা দুলাল ওৰফে পাম্পু।

নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ হাটবৰৰ দুলাল বৈশ্য ওৰফে পাম্পু নামৰ এজন যুৱক কাম কৰিবৰ বাবে কৰ্ণাটকলৈ ৰে’লেৰে (গুৱাহাটী-বেংগলোৰ জংচন এক্সপ্ৰেছ, নং ১২৫১০)  গৈ থকা অৱস্থাত যোৱা ২৮ নৱেম্বৰত বিজয়ৱাৰা ষ্টেইশ্যনৰ পৰা নিৰুদ্দেশ হয়। জানিব পৰা মতে পাম্পুৰ লগত তেওঁৰ ভিনিহিয়েক আৰু দুজন বন্ধুও আছিল। কিন্তু হঠাৎ বিজয়ৱাৰা ষ্টেইশ্যনৰ পৰা পাম্পু নিৰুদ্দেশ হোৱাত লগৰকেইজনে বিচাৰ-খোচাৰ কৰে। বহু সময় বিচাৰি পাম্পুৰ কোনো সন্ধান নোপোৱাত নিৰাশ মনেৰে তিনিও ঘৰ অভিমুখে উভটি আহে বুলি জানিব পৰা গৈছে। এই বিষয়টো সন্দৰ্ভত পাম্পুৰ পৰিয়ালৰ লোকে  জখলাবন্ধা আৰক্ষীৰ কাষ চাপিছে যদিও বৰ্তমান সময়লৈকে আৰক্ষীয়ে পাম্পুৰ কোনো  শুং-সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। কোনোবাই যদি নিৰুদ্দেশ হোৱা যুৱকজনৰ সন্ধান পায় তেন্তে ৮৭২৩৮১৩৮০৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Related News