NORTHEAST NOW (Assamese)

বাংলাদেশী বিজ্ঞানী ফেৰদৌছী কাদৰীলৈ আগবঢ়োৱা হৈছে এইবাৰৰ ৰমন মেগছেছে বঁটা

August 31, 2021 11:47 am · এন ই নাও নিউজ
Updated: September 1, 2021 11:53 am

এছিয়াৰ নোবেল হিচাপে খ্যাত মেগছেছে বঁটা এইবাৰ আগবঢ়োৱা হৈছে বাংলাদেশৰ বিজ্ঞানী ফেৰদৌছী কাদৰীলৈ। মঙলবাৰে ফিলিপাইনৰ পৰা ৰমন মেগছেছে বঁটা ঘোষণা কৰা হয়।

ফেৰদৌছী কাদৰীৰ উপৰি এইবাৰ মেগছেছে বঁটা লাভ কৰা আন ব্যক্তিকেইগৰাকী হৈছে পাকিস্তানৰ মহম্মদ আমজাদ চাদিক, দক্ষিণ পূব এছিয়াৰ ষ্টিভেন মানচী, ইন্দোনেচিয়াৰ ওৱাচডক আৰু ফিলিপাইনৰ ৰবাৰ্টো বেলন।

মেগছেছে বঁটা ঘোষণা কৰি কমিটিৰ ফালৰ পৰা কোৱা হৈছে যে ‘’লাখ লাখ মানুহৰ কল্যাণৰ বাবে ভেকচিনৰ বিকাশত ফেৰদৌছী কাদৰীৰ উৎসৰ্গিত ভূমিকাৰ বাবে’’এই বঁটা দিয়া হ’ল।

ফেৰদৌছী কাদৰী আন্তৰ্জাতিক উদৰাময় গৱেষণা কেন্দ্ৰ, বাংলাদেশৰ (আইচিডিডিআৰবি) জ্যেষ্ঠ বিজ্ঞানী। কলেৰাৰ ভেকচিনক লৈ গৱেষণা আৰু ব্যয় সাধ্য দামত ভেকচিন সহজলভ্য কৰি লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ বাবে কাম কৰিছে বিজ্ঞানীগৰাকীয়ে।

বিজ্ঞানী ফেৰদৌছী কাদৰী বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন বিষয়ক বৈজ্ঞানিক উপদেষ্টামণ্ডলীৰ সদস্যও আছিল।

বঁটা লাভ কৰাৰ পাছতে এক ভিডিঅ’ বাৰ্তাত বিজ্ঞানী ফেৰদৌছী কাদৰীয়ে জনায়,’’মই আনন্দিত আৰু সন্মানিত অনুভৱ কৰিছো। এই বঁটা মি বাংলাদেশ, মোৰ জন্মভূমিৰ প্ৰতি উৎসৰ্গা কৰিলো। লগতে আমাৰ সংস্থা আইচিডিডিআৰবিলৈও উৎসৰ্গা কৰিলো। এই সংস্থাটোৱে সুদীৰ্ঘ দিন ধৰি মোৰ কাম আগবঢ়াই নিয়াত সহায়তা কৰিছে। জনস্বাস্থ্য, উদ্ভাৱনৰ জৰিয়তে বিশ্বৰ জনসাধাৰণৰ কল্যাণত মই মোৰ বাকী জীৱন উৎসৰ্গা কৰিম।‘’

Related News