বাংলাদেশ-ম্যানমাৰ সীমান্তত হাতীৰ গচকত প্ৰাণ হেৰুৱালে কমেও ১০জন ৰহিংগীয়া শৰণাৰ্থীয়ে

ফাইল ফটো

খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ গচকত বাংলাদেশ-ম্যানমাৰ সীমান্তত বিগত কেইটামান দিনত অতি কমেও ১০ জনকৈ ৰহিংগীয়া শৰণাৰ্থীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

মাৰ্কিন যুক্তৰাষ্ট্ৰই যোৱা মঙলবাৰে প্ৰকাশ কৰা এই তথ্য প্ৰকাশ কৰিছে  সংবাদ প্ৰতিষ্ঠানে।

উল্লেখ্য যে বিগত সময়ছোৱাত ম্যানমাৰত বাৰ্মীজ সেনাৰ নৃশংস অত্যাচাৰৰ ফলত বাংলাদেশলৈ পলায়ন কৰিছিল প্ৰায় ৭০০,০০০ ৰহিংগীয়াই। ইয়াৰে বেছিভাগেই দুয়ো দেশৰ সীমান্তত অৰ্থাৎ ন’ মেনছ লেণ্ডৰ আশে পাশে থকা কক্সবাজাৰ আৰু কুটুপালুঙ আদিত অস্থায়ী শিবিৰ পাতি বাস কৰি আছে।

কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰ শৰণাৰ্থী সংস্থাই প্ৰকাশ কৰা অনুসৰি উক্ত অঞ্চলটো হৈছে এছিয়ান হাতীৰ অন্যতম আৱাস ভূমি। সেয়েহে খাদ্যৰ সন্ধানত প্ৰায়ে ওলাই অহা এনে বনৰীয়া হাতীৰ জাকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৰহিংগীয়া শৰণাৰ্থী সকলে।

উল্লেখ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰ শৰণাৰ্থী সংস্থাই প্ৰকাশ কৰা অনুসৰি বাংলাদেশ আৰু ম্যানমাৰৰ সীমান্ত অঞ্চল য’ত ৰহিংগীয়া শৰণাৰ্থী সকলে আশ্ৰয় কৰি আছে তাত প্ৰায় ৪০টা হাতীৰ এটা বৃহৎ জাকে চৰাচৰ কৰে। সেয়েহে ই ৰহিংগীয়া শৰণাৰ্থী সকলৰ বাবে স্বাভাৱিকতে এক শংকাৰ কাৰণ।

এই ক্ষেত্ৰত হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আৱশ্যকতাৰ কথা দোহাৰিছে মাৰ্কিন সংস্থাটোৱে।