বাংলা ‘নৱবৰ্ষ’ক আদৰিবলৈ সাজু শিলচৰ : নিৰাপত্তা সুনিশ্চিতৰ আশ্বাস প্ৰশাসনৰ  

DSC09786

অহা দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া নতুন বাংলা বৰ্ষ ‘নৱবৰ্ষ’ ক ব্যাপক উলহ মালহেৰে আদৰিবলৈ সাজু হৈ উঠিছে শিলচৰবাসীৰ লগতে সমগ্ৰ বৰাক উপত্যকাৰ বাসিন্দাসকল।

বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ মাজেৰে অহা শণিবাৰৰ দিনটোত সমগ্ৰ বৰাকবাসীয়ে উদযাপন কৰিব চৈত্ৰ সংক্ৰান্তি।

উল্লেখ্য যে কিছু দিনৰ পৰা সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰিত শিলচৰত যাতে নৱবৰ্ষ উদযাপনৰ সময়ত কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰা দেখা গৈছে। বুধবাৰে এই সংক্ৰান্তত কাছাৰ জিলা প্ৰশাসনৰ বিভিন্ন প্ৰশাসনিক বিষয়াৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ আলোচনাত সম্পন্ন হয়।

উক্ত বৈঠকত জিলাখনত সংঘটিত হোৱা সাম্প্ৰদায়িক পৰিস্থিতি সম্পৰ্কে আলোচনা কৰা হোৱাৰ লগতে নৱবৰ্ষ উদযাপনত যাতে কোনো ধৰণৰ অশুভ পৰিস্থতিৰ উদ্ভৱ নহয় সেই সম্পৰ্কেও উক্ত বৈঠকত আলোচনা কৰা হয়।

স্মৰ্তব্য যে কাছাৰ জিলাৰ উপায়ুক্ত এছ লক্সমননে সভাপতিত্ব কৰা বৈঠকত আৰক্ষী উপ মহাপৰিদৰ্শক দেবৰাজ উপাধ্যায়, আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ লগতে অন্যান্য বিষয়ববীয়া।

এই বৈঠকৰ অন্তত বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত বুলি জানিবলৈ দি আৰক্ষী উপ মহাপৰিদৰ্শক উপাধ্যায়ে কয় যে জিলাখনত সৃষ্টি হোৱা সাম্প্ৰদায়িক পৰিস্থিতি সম্পৰ্কত তিনি সংগঠন ক্ৰমে কাছাৰ প্ৰতিবাদী মঞ্চ, বজৰং দল আৰু হিন্দু সংঘতিৰ বিৰুদ্ধে তথ্য সংগ্ৰহৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সংগঠন কেইটাৰ বিৰুদ্ধে শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ লগতে হিংসাক উচটনি দিয়াৰ অভিযোগ।

ইতিমধ্যে প্ৰশাসনে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ নিজৰ নিজৰ অঞ্চল সমূহত শান্তি-সম্প্ৰীতি তথা সংহতি বজাই ৰাখিবলৈ অনুৰোধ জনাইছে।