বাইহাটাত ভুৱা তথ্যৰে তিনিগৰাকী মহিলাৰ এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ প্ৰচেষ্টা ফাদিল

এন আৰ চি

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ইচাৰকেম্পত তিনিগৰাকী মহিলাৰ বিৰুদ্ধে জালিয়াতিৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে ইচাৰকেম্পৰ প্ৰয়াত মমতাজ আলীৰ কন্যা বুলি কদবানু বেগম, জৰিনা বেগম আৰু ফাটিমা বেগম নামৰ তিনিগৰাকী মহিলাই এন আৰ চিৰ তথ্য দাখিল কৰিছিল।

উল্লেখ্য যে প্ৰয়াত মমতাজ আলীৰ পুত্ৰ হাৰেজ আলীয়ে তেওঁৰ লিগেচী ডাটা ব্যৱহাৰ কৰি এই তিনিগৰাকী মহিলাৰ নাম এন আৰ চিত অন্তৰ্ভুক্তিৰ চেষ্টা কৰে।

প্ৰথম অৱস্থাত হাৰেজ আলীয়ে তেওঁৰ ভাতৃ ছমৰ আলীৰ লিগেচী ডাটা ব্যৱহাৰ কৰি মহিলা তিনিগৰাকীৰ নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলাইছিল যদিও ছমৰ আলীয়ে ইয়াৰ বিৰোধিতা কৰিছিল। ইয়াৰ পিছতে হাৰেজ আলীয়ে নিজৰ তথ্যৰে মহিলাকেইগৰাকীক নিজৰ ভগ্নী বুলি পৰিচয় দিয়াৰ চেষ্টা কৰে।

আনহাতে, শুকুৰবাৰে ছমৰ আলীয়ে জটিয়া ভাংগাৰা গাওঁ পঞ্চায়তত অৱস্থিত এন আৰ চি সেৱা কেন্দ্ৰত উপস্থিত হৈ মহিলা তিনিগৰাকী তেওঁলোকৰ সম্পৰ্কীয় নহয় বুলি লিখিতভাৱে অভিযোগ দিয়ে। ইয়াৰ বিপৰীতে হাৰেজ আলীয়ে মহিলা তিনিগৰাকী তেওঁৰ পিতৃৰ তোলনীয়া জী বুলিহে জানিবলৈ দিয়ে।

হাৰেজ আলীয়ে নিজৰ ভগ্নী তথা পিতৃৰ তোলনীয়া জী বুলি চিনাকি দিবলৈ চেষ্টা কৰা মহিলা তিনিগৰাকীৰ ঘৰ প্ৰকৃততে ক’ত সেয়াও অৱগত নহয় বুলি  জানিব পৰা গৈছে।

আনহাতে, এন আৰ চি সেৱা কেন্দ্ৰটোৰ বিষয়গৰাকীয়েও সমগ্ৰ ঘটনাটো সন্দেহৰ আৱৰ্তত বুলি ব্যক্ত কৰিছে। এই সমগ্ৰ ঘটনাটো তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।