বাইহাটা চাৰিআলিত শোকাৱহ দুৰ্ঘটনা : চালকৰ দৌৰাত্ম্যৰ বাবে পংগুত্বৰ গ্ৰাসত পৰিল দুই সম্পৰ্কীয় ভাতৃ-ভগ্নী

দুৰ্ঘটনা

কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ দেউদুৱাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত চালকৰ দৌৰাত্ম্যত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা ।

এই শোকাৱহ দুৰ্ঘটনাৰ ফলত  দুই সম্পৰ্কীয় ভাতৃ-ভগ্নী গুৰুতৰভাৱে আহত হৈ চিৰদিনৰ বাবে পংগুত্বক আকোৱালি ল’ব লগা হয়।

শুকুৰবাৰে পুৱা ৬ মান বজাত সম্পৰ্কীয়  দুই ভাতৃ-ভগ্নী গুৱাহাটীৰ শান্তিপুৰৰ লক্ষী তালুকদাৰৰ পুত্ৰ অবিনাশ তালুকদাৰ(২৯)  আৰু মহানগৰীৰ লংকেশ্বৰ নিবাসী অমল চন্দ্ৰ দাসৰ কন্যা হিমাদ্ৰী দাসে (২৩) এ এচ ০১ বি এইচ ৫২১১ মটৰচাইকেলখনেৰে গুৱাহাটীৰ পৰা বৰপেটালৈ গৈ আছিল।

ইয়াৰ মাজতে  ফোন ৰিচিভ কৰাৰ বাবে দেউদুৱাৰত পথৰ দাঁতিত ক্ষণিকৰ বাবে তেওঁলোকে ৰয় ।

কিছু মুহুৰ্তৰ ব্যৱধানত পিছফালৰ পৰা তীব্ৰ বেগত অহা নিয়ন্ত্ৰণহীন টাটা ডি আই বাহন এখনে মটৰ চাইকেল খনৰ লগতে  দুয়ো ভাতৃ- ভগ্নীক তীব্ৰজোৰে খুন্দিওৱাৰ ফলত যুৱক যুৱতীদ্বয়ৰ একোখনকৈ ভৰি চিগাৰ উপৰি যুৱকজনৰ ছিন্ন ভৰিখন বহু  দূৰৈত ছিটিকি পৰে ।

স্থানীয় লোকসকলে ততাতৈয়াকৈ  দুয়োজনকে উদ্ধাৰ কৰি আমিনগাঁৱস্থিত নাৰায়ণা চুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ প্ৰেৰণ কৰে ।

চিকিৎসকে তৎকালীনভাৱে অধিক উন্নত চিকিৎসাৰ বাবে প্ৰদান কৰা পৰামৰ্শ অনুসৰি অবিনাশ তালুকদাৰক এয়াৰ এম্বুলেঞ্চৰ বিমান যোগে পাটনালৈ নিয়াৰ ব্যৱস্থা কৰে আৰু  হিমাদ্ৰী দাসক গুৱাহাটীৰ  এপল’ ইন্টাৰনেশ্যনেল হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে টাটা ডি আইখন। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঘটনাৰ বিষয়ে লগে লগে খবৰ দিয়াৰ পিছতো প্ৰায় এঘন্টা পলমকৈহে ঘটনাস্থলীত উপস্থিত হয় চাংসাৰি আৰক্ষী। আৰক্ষীৰ এনে কাৰ্যত ঘটনাস্থলীত উপস্থিত লোকসকল ক্ষুব্ধ হৈ পৰে।

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।