বাকী থকা ১০ মাহৰ ঠাইত মাত্ৰ এমাহৰ দৰমহাৰ মোকলাই দিলে আছাম কোম্পানি ইণ্ডিয়া লিমিটেডে

AssamSmallTea

প্ৰায় ২ হাজাৰ কোটি টকাৰ ঋণৰ বোজাত থকা বাবে নিজৰ অধীনৰ ১৪ খনকৈ বাগিচা বিক্ৰী কৰি অসম ত্যাগ কৰিব খোজা আছাম কোম্পানি ইণ্ডিয়া লিমিটেড নামৰ অসমৰ আটাইতকৈ পুৰণি তথা খ্যাতিমান চাহ কোম্পানিটোৱে ইয়াৰ শ্ৰমিক-কৰ্মচাৰীক দিবলৈ আছে ১০ মাহৰ দৰমহা। দৰমহাৰ উপৰি বহু দিন ধৰি শ্ৰমিক-কৰ্মচাৰীসকলে পোৱা নাই নিয়মীয়াকৈ পাব লগীয়া ৰেচন, ৰন্ধন গেছ, বিদ্যুৎ সেৱা আৰু চিকিৎসা সেৱা।

শেহতীয়াকৈ এই সম্পৰ্কত বিভিন্ন সংবাদ মাধ্যমত খবৰ ওলোৱাত আৰু শ্ৰমিক-কৰ্মচাৰীৰ পৰা তীব্ৰ প্ৰতিবাদৰ উমান পাই মাত্ৰ ২ টা পষেকৰ দৰমহা মোকলাই দিছে কোম্পানিটোৱে। কালি কলকাতাস্থিত ইয়াৰ মুখ্য কাৰ্য্যালয়ক ২টা পষেকৰ দৰমহাৰ বাবে ৮.২২ কোটি টকা মোকলাই দিবলৈ কোম্পানিটোৰ পৰিচালন সঞ্চালক আদিত্য কুমাৰ জাজাদিয়াই নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে।

ফলত কালি বিয়লিৰ পৰা কোম্পানিটোৰ অধীনৰ বাগিচা বিলাকৰ শ্ৰমিক-কৰ্মচাৰীসকলে এমাহৰ দৰমহা লাভ কৰা বুলি সূত্ৰটোৱে জনাইছে। তথ্য মতে কোম্পানিটোৰ অসমত প্ৰায় ২৫ হাজাৰ শ্ৰমিক-কৰ্মচাৰী আছে।

উল্লেখযোগ্য যে যোৱা বছৰ জুন মাহৰ পৰা ১৪খন বাগিচাৰ শ্ৰমিক-কৰ্মচাৰী, চিকিৎসক-নাৰ্ছ আৰু পৰিচালকসকলো নিয়মীয়া দৰমহা, ৰেচন, ৰন্ধন গেছ, বিদ্যুৎ সেৱা আৰু চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে। প্ৰায় ১০ টা মাহৰ দৰমহা আদায় দিবলৈ বাকী থকা অৱস্থাত কোম্পানিটোৱে শ্ৰমিক-কৰ্মচাৰীসকলক মাত্ৰ দুটা পষেকৰ দৰমহা মোকলাই দিয়াক লৈ তীব্ৰ ক্ষোভৰ উদগিৰণ হোৱা বুলি জানিব পৰা গৈছে।

ইপিনে ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজে আছাম কোম্পানিটোৰ এনে স্থিতিত তীব্ৰ অসন্তুতি ব্যক্ত কৰি তেওঁ এনে অন্যায়ৰ বিৰুদ্ধে বিধানসভাৰ চলিত অধিৱেশনত প্ৰশ্ন উহ্থাপন কৰিব বুলি জানিবলৈ দিয়ে।

মন কৰিব লগীয়া যে আছাম কোম্পানি ইণ্ডিয়া লিমিটেডৰ অধীনৰ বাগিচাবোৰৰ পৰা উৎপাদিত চাহৰ মান অতি উন্নত বুলি সুনাম আছে। আনকি ই বিশ্বৰ ভিতৰতে ভাল মানৰ বুলি স্বীকৃতি পাইছে। জানিব পৰা মতে কোম্পানিটোৱে ইয়াৰ বাগিচসমূহ বিক্ৰী কৰাটো এক প্ৰকাৰৰ নিশ্চিত হৈছে। চাহৰ ভাল মানৰ বাবেই বহুকেইটা পক্ষই এই বাগিচাসমূহ কিনিবলৈ সাজু হৈছে বুলি সূত্ৰটোৱে জনাইছে। সূত্ৰটোৱে লগতে জনোৱা মতে কোম্পানিটো এতিয়া সম্পূৰ্ণকৈ ঋণগ্ৰস্ত হৈ পৰিছে আৰু ই মূলৰ লগতে বৃহৎ পৰিমাণৰ সুত ঘূৰাই দিব লগীয়া আছে, যাৰ বাবেই National Company Law Tribunal ৰ জৰিয়তে ঋণ নিষ্পত্তি (insolvency resolution)ত উপনীত হ’ব বিচাৰি আছে।