বাক্সাৰ অঞ্চলীত ভুটানৰ গাড়ীৰ খুন্দাত থিতাতে নিহত এজন; উত্তপ্ত পৰিস্থিতি

Accident at Baksa

বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলীত ভাৰত-ভুটান সংযোগী ১২৭-এ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱায়। নিহত যুৱকজনক বজালীৰ পাটাছাৰকুছিৰ সমীপৰ বৰনলীকুছিৰ প্ৰাণজিত দাস বুলি জানিব পৰা গৈছে ৷

প্ৰত্যক্ষদৰ্শীয়ে দিয়া ঘটনাৰ বিৱৰণী অনুসৰি অনুসৰি উত্তৰ দিশৰ পৰা তীব্ৰ বেগত আহি থকা ভুটানৰ নম্বৰপ্লেট লগোৱা এখন বলেৰ’ গাড়ীয়ে বিপৰীত দিশৰ পৰা স্কুটিত আহি থকা যুৱকজনক খুন্দা মাৰিছিল। যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত স্কুটি আৰোহী প্ৰাণজিত দাস থিতাতে নিহত হয় ৷

দুৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীসহ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ আনহাতে এই ঘটনাৰ পিছতে স্থানীয় একাংশ উত্তেজিত লোকে ঘাইপথটো অৱৰোধ কৰি ৰাখে যদিও আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

উল্লেখযোগ্য যে কোনো নিয়ম-কানুন নমনাকৈ ঘাইপথটোৰে তীব্ৰ বেগত চলাচল কৰা ভূটীয়া গাড়ীচালকৰ দৌৰাত্ম্যৰ বাবে বিগত সময়ত সংঘটিত বহুকেইটা দুৰ্ঘটনাত কেবাজনো লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷ যাৰ ফলত স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছে ৷

নিহত প্ৰাণজিত দাসৰ মৃতদেহ সম্প্ৰতি শিমলা আৰক্ষীৰ জিম্মাত আছে।