বাক্সাৰ জালাহত মুখত সোপা দি স্বামীয়ে নিৰ্মমভাৱে হত্যা কৰিলে পত্নীক

IMG_20180703_104708

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ জালাহৰ সমীপৱৰ্তী ভেবলা গাঁৱত সোমবাৰে নিশা পাষাণ স্বামীয়ে নিজৰ পত্নীকে মুখত সোপা দি নিৰ্মমভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে।

উত্থাপিত হোৱা অভিযোগ অনুসৰি ভেবলা গাঁৱৰ পবিত্ৰ দাস নামৰ লোকজনে প্ৰতিদিনে সুৰাপান কৰি কাজিয়াত লিপ্ত হৈ আহিছিল পত্নী পূৰৱী দাসৰ সৈতে। ঠিক সেইদৰে কালি নিশাও সুৰাপান কৰি আহি কোনো কথাত পত্নীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় আৰু তাৰ পাছতে পত্নী পূৰৱী দাসক নিৰ্মমভাৱে হত্যা কৰে।

উল্লেখ্য যে প্ৰায় বাৰ বছৰ কাল যুগ্ম জীৱন কটোৱা পবিত্ৰ-পূৰৱীৰ আছে দুই সন্তান। ইফালে পূৰৱী দাসৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি সোমবাৰে নিশা মদৰ বটল লুকুৱাই ৰখাৰ অপৰাধতে স্বামীয়ে এইদৰে হত্যা কৰিলে পত্নীক।

স্মৰ্তব্য যে হত্যাকাণ্ড সংঘটিত কৰিয়েই অভিযুক্ত পবিত্ৰ দাসে জালাহ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। সম্প্ৰতি জালাহ আৰক্ষীৰ জিম্মাত থকা পবিত্ৰক ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

আনহাতে ঘটনাস্থলীত ৰাতিপুৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে স্থানীয় ৰাইজে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি আৰক্ষীক জানিবলৈ দিয়ে।