NORTHEAST NOW (Assamese)

বাক্সা জিলাৰ বৰমাত মডেল হস্পিতাল উদ্বোধন হাগ্ৰামা মহিলাৰীৰ

June 14, 2018 9:44 pm · ৰিনয় বসুমতাৰী

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৩.৯ কোটি টকা ব্যয়ৰে বৰমাত নিৰ্মাণ কৰি উলিওৱা ৩০ খন বিছনাযুক্ত মডেল হস্পিতাল খন আজি  বি টি এডিৰ শীৰ্ষ পৰ্যায়ৰ নেতা তথা স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

বিটিচি প্ৰধান হাগ্ৰামাই চিকিৎসালয়খন উদ্বোধন কৰি কয় যে এই অঞ্চলৰ বাবে চিকিৎসালয় এখনৰ অতিকৈ প্ৰয়োজন আছিল। এই চিকিৎসালখনে বৰমা তথা কাষৰীয়া অঞ্চলৰ ৰোগীক যথেষ্ট পৰিমানে সহায় কৰিব। তাৰোপৰি তেওঁ কয় যে বৰ্তমান অসমত চিকিৎসকৰ অভাৱ হোৱা হেতুকে বৰ্তমান এই চিকিৎসালয়খনত এজনহে চিকিৎসক থাকিব।

আনহাতে আজিৰ এই চিকিৎসালয় উদ্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ কোকলাবাৰীৰ দাওধৰাত ২৩ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এটি সংগ্ৰাহালয়ৰো আধাৰশিলা স্থাপন কৰে। আধাৰশিলা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিধায়ক থানেশ্বৰ বসুমতাৰী, বিধায়ক মনেশ্বৰ বড়োৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related News