NORTHEAST NOW (Assamese)

বাট-পথৰ উন্নয়নে পৰ্য্যটনত ডাঙৰ ভূমিকা ল’ব : কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰ্যালয়ৰ সচিব ৰশ্মি বাৰ্মা

December 6, 2017 7:28 pm · কল্পজ্যোতি শইকীয়া
আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন মেলাৰ লগত সংগতি ৰাখি আয়োজিত সংবাদমেলৰ দৃশ্য। ফটো কল্পজ্যোতি শইকীয়া

উত্তৰ-পূবত পৰ্য্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে। কিন্তু তাৰ বাবে বাট-পথৰ উন্নয়ন হ’ল এটা গুৰুত্বপূৰ্ণ দিশ। গুৱাহাটীত চলি থকা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন মেলাৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীস্থিত পঞ্চতাৰকা হোটেল ভিভান্তত আয়োজন কৰা এখন সংবাদমেলত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰ্যালয়ৰ সচিব ৰশ্মি বাৰ্মাই এই কথা কয়। বাট-পথ আৰু আন্তঃগাঁথনিয়ে পৰ্য্যটনৰ প্ৰভূত বিকাশত অৰিহণা যোগাব বুলি কৈ তেওঁ কয় যে যোৱা বছৰ সমগ্ৰ উত্তৰ-পূব অঞ্চলত পৰ্য্যটন খণ্ডত ৫.২ শতাংশ বিকাশ হৈছে। এই সম্পৰ্কত তথ্য দি তেওঁ কয় যে যোৱা বছৰ অঞ্চলটোলৈ ১.৬ কোটি বিদেশী পৰ্য্যটক আহিছে আৰু দেশী পৰ্য্যটকৰ সংখ্যা আছিল ৭৭ লাখ। তেওঁ কয়, এইবাৰ আয়োজিত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন মেলাৰ মূল বিষয় হ’ল পৰ্য্যটন ক্ষেত্ৰত থকা সমস্যা আৰু প্ৰত্যাহ্বানবোৰ বিচাৰি উলিওৱা আৰু তাক সমাধানৰ পথ আৱিষ্কাৰ কৰা। যিহেতু উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যই আছিয়ান (ASEAN) আৰু বিমছটেক (BIMSTEC) মণ্ডলৰ দেশবোৰৰ আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে, গতিকে ভাৰতৰ পূবৰ সৈতে কাম কৰা বা এক্ট ইষ্ট পলিচিৰ দিশৰ পৰা এইবোৰৰ ভৌগোলিক আৰু ৰাজনৈতিক গুৰুত্ব আছে।

https://youtu.be/lLjJcH9E7UA

Related News