বানপানীৰ সময়ত বন্য প্ৰাণীৰ সুৰক্ষা : বিশ্বনাথ জিলা প্ৰশাসনৰ পৰ্যালোচনা

বিশ্বনাথ জিলা প্রশাসনৰ বৈঠক

বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত বুধবাৰে অনুষ্ঠিত এখন বৈঠকত বানপানীৰ সময়ছোৱাত কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত বিলাই-বিপত্তিৰ সন্মুখীন হোৱা  বন্য প্ৰাণীসমূহৰ উদ্ধাৰ, চিকিৎসা আৰু সুৰক্ষাৰ বিভিন্ন দিশসমূহ আলোচনা কৰা হয়।

উল্লেখযোগ্য যে বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুসমূহে আশ্ৰয় বিচাৰি প্ৰায়েই জনাঞ্চলত প্ৰৱেশ কৰে আৰু আতংকিত হৈয়েই হওক বা খাদ্যৰ বাবেই হওক, এই বন্যপ্ৰাণীসমূহক কোনো কোনো লোকে হত্যাও কৰে।

এই বন্যপ্ৰাণীসমূহক সময়মতে উদ্ধাৰ কৰি সিহঁতৰ সুৰক্ষিত আশ্ৰয় তথা প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা, ৰাইজক সজাগ কৰা, হাতী-মানুহৰ সংঘাত, বন্যপ্ৰাণীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত ধন-জনৰ উপযুক্ত ক্ষতিপূৰণ আদি বিভিন্ন বিষয় সম্পৰ্কে  বৈঠকত খৰচি মাৰি আলোচনা কৰাৰ লগতে কৰ্ম আঁচনিৰ পৰিকল্পনা কৰা হয়।

বানপানীৰ সময়ছোৱাত বন্যপ্ৰাণীৰ উদ্ধাৰ সম্পৰ্কীয় বিষয়সমূহত বন বিভাগ, জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা কোষ, আৰক্ষী বিভাগ, পশু চিকিৎসা বিভাগ আদিয়ে সমিলমিলেৰে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এনেধৰণৰ যিকোনো খবৰ থাকিলে জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ নিয়ন্ত্ৰণ কক্ষৰ হেল্পনাইন নম্বৰ ০৩৭১৫-২২২০৮৬ত ফোন কৰিবলৈ জনোৱা হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদ্বীপ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত এই বৈঠকত উদ্যানখনৰ সাংমণ্ডলিক বন বিষয়া ৰোহিনী বল্লভ শইকীয়া, জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰ, আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰী, উত্তৰ অসম সংমণ্ডলৰ বন সংৰক্ষক পি শিৱকুমাৰ উপস্থিত থাকে।

ইয়াৰোপৰি বন বিভাগ, আৰক্ষী বিভাগ, ডব্লিউ ডব্লিউ এফৰ প্ৰতিনিধি, ৱাইল্ডলাইফ ট্ৰাষ্ট অব্ ইণ্ডিয়াৰ প্ৰতিনিধি, সামাজিক বনানিকৰণ বিভাগ, পশু চিকিৎসা বিভাগ, জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ প্ৰতিনিধিৰ লগতে আন বহুসংখ্যক উচ্চপদস্থ বিষয়া বৈঠকত উপস্থিত থাকে।