বানৰ পাৰ্শ্বক্ৰিয়া: ঘিলামৰাত পানীৰ তলত বিঘাই বিঘাই গেলিছে বড়ো-আহু ধানৰ খেতি

ATTACHMENT

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ অব্যাহত আছে সমগ্ৰ ৰাজ্যতে। সম্প্ৰতি ফেনে ফোটোকাৰে বাঢ়ি অহা জীয়াধল, কুমটীয়া আৰু কঢ়া নদীৰ পানীয়ে ঢকুৱাখনাৰ ঘিলামৰাৰ বিস্তীৰ্ণ এলেকা বুৰাই ৰাইজৰ অন্যান্য ক্ষতি কৰাৰ লগতে নিঃশেষ কৰিছে কৃষকৰ আশাৰ খেতিডৰা।

এত‌িয়া পানীৰ তলত গেলি-পচি গজালি ওলোৱা খেতিডৰালৈ চাই মূৰে কপালে হাত দিছে ঘিলামৰাৰ কৃষকে। কাঁচি লৈ পথাৰলৈ যোৱা কৃষকে চকুলো টুকি উভতিছে ঘৰলৈ। বছৰৰ ভাতমুঠি হেৰুৱাৰ দুখত হুমুনিয়াহ কাঢ়িছে সকলোৱে।

উল্লেখযোগ্য যে বিগত সপ্তাহত নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা জীয়াঢল, কুমটীয়া আৰু কঢ়া নৈৰ পানীয়ে জলমগ্ন কৰি তুলিছিল ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ ত্ৰিশখনৰো অধিক গাঁও। বানৰ কবলত পৰা আন আন গাঁৱসমূহৰ লগতে কৃষিপ্ৰধান ৰূপহী আৰু বিলাহী গাঁৱৰ লোকে নির্ভৰ কৰে আহু আৰু বড়ো ধানৰ খেতিৰ ওপৰত। কিন্তু শেহতীয়াকৈ অহা এই বানে ১৫ দিনৰো অধিক সময় পথাৰসমূহ বুৰাই ৰখাত পানীৰ তলতে গেলিছে গাঁও দুখনৰ দুশ বিঘাৰো অধিক বড়ো আৰু আহু ধানৰ খেতি।

কৃষকে পানীৰ তলৰ পৰা অশেষ কষ্টেৰে দাই মেলি পথৰ দাঁতিত আৰু ওখ স্থানত মেলিছে যদিও পানীতে গজালি মেলা এই ধান খোৱাৰ যে অনুপযোগী হ’ব সেয়া নিশ্চিত। বানৰ কবলত পৰা আন আন এলেকাসমূহতো দেখা গৈছে অনুৰূপ দৃশ্য। লহপহকৈ বাঢ়ি অহা খেতিডৰাৰ চকুৰ সন্মুখত এনে অৱস্থা দেখি মূৰত আকাশী সৰগ ভাগি পৰিছে কৃষকৰ।

এই ক্ষেত্ৰত কোনো তত্‍পৰতা নাই কৃষি বিভাগৰ। একেদৰে প্ৰশাসনৰ মৌনতাই চকু কপালত তুলিছে কৃষকৰ। সংহাৰী বানে কৃষকৰ আশাৰ খেতিডৰা তচনচ কৰি যোৱাৰ পাছতো পৰিৱৰ্তনকমী চৰকাৰে প্ৰদৰ্শন কৰা উদাসীনতাক ধিক্কাৰ দি শীঘ্ৰে দুৰ্ভগীয়া কৃষকসকলক সহায়ৰ দাবী জনাইছে ঢকুৱাখনাবাসীয়ে।