NORTHEAST NOW (Assamese)

বালিপৰাত গাত বান্দৰ কেঁকোৱা মেলি মহিলাৰ পৰা ধন লুট

June 15, 2018 4:50 pm · ঋতুপৰ্ণ চক্ৰবৰ্তী

শোণিতপুৰ জিলাৰ বালিপৰাত সন্ত্ৰাস চলাইছে চিলনী চোৰে। বালিপৰা চহৰত গাত বান্দৰ কেঁকোৱা লগাই তৰুলতা ঘোষ নামৰ মহিলা এগৰাকীৰ পৰা আজি ১৫ জুনত চোৰে ৮০ হাজাৰ টকা লুটি নিয়ে।

বালিপৰাস্থিত ষ্টে’ট বেংক শাখাৰ পৰা আজি দুপৰীয়া ৮০ হাজাৰ টকা উলিয়াই আহি ঘোষে এখন  হোটেলত আন এগৰাকী মহিলাৰ সৈতে চাহ খাবলৈ বুলি লওঁতেই মহিলাগৰাকীক কোনো অচিনাক্ত দুৰ্বৃত্তই গাত বান্দৰ কেঁকোৱা লগাই দিয়াত মহিলাগৰাকীয়ে তৎ হেৰুৱাই নিজৰ পইচাৰ বেগটো কাষৰ এখন টেবুলত ৰাখি থওঁতেই পইচাৰ বেগটো দুৰ্বৃত্ত উধাও হয়।

ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সংক্ৰান্তত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

টকা লুটি নিয়া সমগ্ৰ দৃশ্যটো হোটেলৰ চিচি কেমেৰাত বন্দী হৈছে। ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related News