NORTHEAST NOW (Assamese)

বালিপৰা চহৰত আটছাৰ নেতৃত্বত পৰিবেশ সজাগতা অভিযান

June 12, 2018 2:48 pm · ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী

বালিপৰা চহৰত সদৌ অসম চাহ জনজাতি ছাত্র সন্থাৰ বালিপৰা উপ শাখাৰ উদ্যোগত আজি এক পৰিবেশ সজাগতামূলক সমদল আৰু চাফাই অভিযান  সস্পন্ন কৰা হয়। সন্থাৰ কৰ্মীবৃন্দৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্র ছাত্রীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ পলিথিনৰ ব্যৱহাৰ বন্ধ কৰক,পৰিবেশ সংৰক্ষণ কৰক ,গছপুলি ৰোপণ কৰক, স্বচ্ছ ভাৰতৰ অংশীদাৰ হওঁক আদি বিভিন্ন শ্লোগান দি এটা শোভাযাত্ৰা উলিয়ায়।

পৰিবেশ সজাগতা অভিযানৰ অংশ হিচাপে ৰাজপথত উলিওৱা শোভাযাত্ৰা কাৰ্যসূচীৰ অন্তত  সদৌ অসম চাহ জনজাতি ছাত্র সন্থাৰ কৰ্মকৰ্তা সকলে চহৰখনৰ বিভিন্ন চৌদিশে ঝাৰু, কোৰ আদি লৈ পৰিবেশ নিকাকৰণৰ কামত হাতে কামে লাগি যায়। লগতে তেওঁলোকে সকলোকে নিজৰ নিজৰ চৌপাশ পৰিচ্চন্ন কৰি ৰাখিবলৈ আহ্বান জনায়।

সদৌ অসম চাহ জনজাতি ছাত্র সন্থাৰ দ্বাৰা গ্ৰহণ কৰা এই পৰিচ্চন্নতা অভিযানে বালিপৰা এলেকাত এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিছে। সংগঠনটোৰ সৈতে হাত মিলাই স্থানীয় জনসাধাৰণৰ একাংশয়ো এই অভিযানত চামিল হৈ পৰিচ্চন্নতা অভিযানটো সফল হোৱাত সৰ্বতোপ্ৰকাৰে সহায় কৰে।

Related News