মঙলবাৰে নিশা বিটিএডিৰ পৰ্বতঝোৰা ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত বাশবাৰীৰ ওচৰত হাতীৰ গচকত এজন ১২ বছৰীয়া ছাত্ৰৰ প্ৰাণ গৈছে।
ঘটনাৰ বিৱৰণি মতে, যোৱা নিশা এটা হাতীৰ জাক বাশবাৰী বৰাইবাৰী গাঁওলৈ সোমাই আহোতে হাতীৰ গচকত এই ছাত্ৰজনৰ মৃত্যু হয়।বাশবাৰী বৰাইবাৰী গাঁও ধুবুৰী জিলা সদৰৰ পৰা প্ৰায় ২৫ কি:ই মি: নিলগত অৱস্থিত।
মৃত ছাত্ৰজনক বন্ধু ৰাম ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে। তেওঁ বাশবাৰী হাইস্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি আছিল।
বিগত কেইসপ্তাহমানৰ পৰা হাবিৰ কাষত থকা মানুহৰ বসতিস্থানত বনৰীয়া হাতীৰ উপস্থিতিয়ে মানুহক ভীতিগ্ৰস্ত কৰি ৰাখিছে।
গাঁওবাসীসকলে কৈছে যে এই বনৰীয়া হাতীৰ জাকটোৱে ইতিমধ্যে বাশবাৰী বৰাইবাৰী এলেকাৰ শস্য পথাৰৰ ব্যাপক ক্ষতি কৰিছে আৰু সকলো কথা অৱগত কৰোৱা সত্তেও বন বিভাগৰ লোকসকলে নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আছে।
পৰ্বতঝোৰাৰ ডি এফ অ’ এ সুন্দৰে কৈছে যে বিগত ৪০ বছৰৰ ভিতৰত এই প্ৰথমবাৰৰ বাবে এই এলেকাত হাতীৰ জাক দেখা পোৱা গৈছে। জাকটোত ২-৩টা হাতী আছে আৰু সিঁহত কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ কচুগাঁও ফৰেষ্ট ডিভিজনৰ পৰা আহিছে বুলি ভৱা হৈছে।।
হাতীৰ গচকত ছাত্ৰজনৰ মৃত্যুৰ বাতৰি লাভ কৰিয়েই বুধবাৰে পুৱা বন বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত লৈ যোৱাৰ যাৱতীয় ব্যৱস্থা কৰে।
মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত আৰু আৰক্ষীৰ প্ৰতিৱেদন লাভ কৰাৰ পাছতহে ক্ষতিপূৰণৰ ধন আদায় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি ডি এফ অ’গৰাকীয়ে জনাইছে।
বন বিভাগৰ লোকসকলে গাঁওবাসীসকলক হাতী অধ্যূষিত এলেকাতঘূৰা-ফিৰা নকৰিবলৈ সাৱধান কৰি দিছে।
ডি এফ অ’গৰাকীয়ে গৈছে যে গাঁওবাসীসকলক হাতীৰ ওচৰলৈ যোৱাত বাধা দিবলৈ লগতে ওচৰত হাতী দেখিলে বন বিভাগক খবৰ দিবলৈ গাঁওবুঢ়াক জাননী দিছে। তেওঁ আৰু কৈছে যে তেওঁলোকে এতিয়া হাতীৰ জাকটোক অনুসৰণ কৰি আছে আৰু হাতীয়ে যাতে পুনৰ মানুহৰ ওপৰত আক্ৰমণ নকৰে তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।