NORTHEAST NOW (Assamese)

বাৰিষা সমাগত : নৌকা নিৰ্মাণত ব্যস্ত মাজুলীৰ নৌকা শিল্পী

April 3, 2018 12:28 pm · মিটু খাটনিয়াৰ

বাৰিষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সেয়ে বানৰ সৈতে মোকাবিলা কৰিবলৈ মাজুলীবাসীৰ একমাত্ৰ তথা অন্যতম সাৰথি হাত নাও সমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে জিলাখনৰ নৌকা শিল্পীসকল ।

কিয়নো বাৰিষা আহিলেই মাজুলীবাসীৰ বানৰ সৈতে আৰম্ভ হয়  সংগ্ৰাম। প্ৰায় ছয় মাহ ধৰি এক নাজল নাথল অৱস্থাৰ সৈতে সহবাস কৰিব লগা হয় মাজুলীৰ নদীপৰীয়া গাঁওসমুহৰ বাসিন্দাসকল।

ব্ৰহ্মপুত্ৰ কোৱাল সোঁতে নিমিষতে উটুৱাই নিয়ে নদীপৰীয়াৰ ঘৰ-দুৱাৰ জীৱন-সম্পদ। এনে সময়ত ঘৰত এখ

নাও নিৰ্মাণত ব্যস্ত এগৰাকী শিল্পী

ন নাঁও নহলে মাজুলীৰ চহা জীৱন হৈ পৰে প্ৰায় স্থবিৰ।

মাজুলীৰ শালমৰা, দক্ষিণপাট, অফলামূখ, চুমৈমাৰী, কৰতিপাৰ, মলাপিন্ধা, জেংৰাইমূখ, কৰতিপাৰ আদি অঞ্চলত সৰু-বৰ বিভিন্ন জোখৰ হাত নাৱৰ চাহিদা অতি বেছি। কিয়নো বাৰিষাৰ ছমাহ কাল ঘৰত এখন নাও নহলে বিভিন্ন আহুকালৰ সৃষ্টি হয় মাজুলীবাসীৰ।

বানত বুৰ যোৱা ঘৰখনৰ পৰা মূল্যৱান সামগ্ৰী সুৰক্ষিত স্থানলৈ নিয়া,  চিকিৎসালয়লৈ ৰোগী নিয়া, ঘৰৰ বাবে বজাৰ সমাৰ কৰা, ছাত্ৰ-ছাত্ৰীক পঢ়াশালীলৈ অনা নিয়া কৰা আদি কাৰ্যৰ বাবে মাজুলীবাসীয়ে নিৰ্ভৰ কৰিবলগীয়া হয় হাত নাওৰ ওপৰত।

সেয়ে এই সময়ছোৱাত মাজুলীৰ নৌকা শিল্পীসকলৰ সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে।

Related News