বাৰেচহৰীয়া ভাওনাৰ প্ৰস্তুতি সম্পূৰ্ণ : আকৰ্ষিত হৈছে দেশী-বিদেশী পৰ্যটক

hqdefault

প্ৰতিনিধিত্বমূলক ফটো

অহা ১ মাৰ্চৰ পৰা চাৰিদিনীয়া  কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ বাবে সুবিশাল মণ্ডপৰ কাম  ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।

এই বাৰেচহৰীয়া ভাওনাৰ মণ্ডপৰ নিৰ্মাণ অতি আকৰ্ষণীয় আৰু অৰ্থৱহ।  আধ্যাত্মিক দৃষ্টিৰে মণ্ডপটিৰ মাজেৰে সনাতন ভাবধাৰা প্ৰকাশ ঘটা বুলি মন্তব্য কৰিছে সুধী সমাজে ।

উল্লেখ্য যে এই বিশাল মণ্ডপৰ ২১খন খলাত জামুগুৰিহাটৰ ২২টাকৈ বিভিন্ন ধৰ্মীয় পন্থাই ২ আৰু ৩ মাৰ্চত অনুষ্ঠিত কৰিব একে সময়তে ৪২খনকৈ অংকীয়া তথা ৰামায়ণ-মহাভাৰতৰ নাট।

প্ৰায় ৮০ লাখ টকাৰ বাজেট ধাৰ্য কৰি উদ্‌যাপন সমিতিয়ে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। পকামূৰা পথাৰত এশ বিঘা মাটিৰ বিশাল মণ্ডপৰ উপৰি হেজাৰৰো অধিক বিভিন্ন বিপণীৰ গৃহ সাজু হৈ উঠাৰ উপৰি একেলগে হেজাৰ ভক্তপ্ৰাণ ৰাইজ বহিব পৰাকৈ ভোজনালয় গৃহ, সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা অস্থায়ী পেণ্ডেলৰ উপৰি বিশাল প্ৰদৰ্শনীৰ গৃহ নিৰ্মাণ কৰি উলিয়াইছে উদ্‌যাপন সমিতিয়ে।

আইন-শৃংখলা অটুট ৰাখিবৰ বাবেও বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সভা অনুষ্ঠিত কৰি ভাওনা উদ্‌যাপন সফল কৰাৰ বাবে উঠিপৰি লগা দেখা গৈছে।

১১৪টা চৌকা সাজু কৰি তোলাৰ লগতে প্ৰায় পঞ্চাছ হেজাৰ ভক্তক আপ্যায়নৰ বাবে জীয়াভৰলী কন্যকা কৃষিপামে যোগান ধৰিব ডেৰশ কুইণ্টল আলু, ৮০ কুইণ্টল কবি, বেঙেনাকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী।

অতিথিক আপ্যায়নৰ বাবে জামুগুৰিহাটৰ বিভিন্ন গাঁৱৰ মহিলাসকলে বিভিন্ন গোটত ভাগ হৈ পিঠা, লাডু তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে।

বাৰেচহৰীয়া ভাওনা মহোৎসৱ সফল ৰূপায়ণৰ বাবে বৃহত্তৰ অঞ্চলটিৰ ইছলাম,  বড়ো, নেপালী, মিচিং, চাহ জনজাতি, বেংগলী, বিহাৰী মাৰোৱালীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠী তথা সম্প্ৰদায়ৰ লোকে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, ৪ মাৰ্চৰ সাংস্কৃতিক কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিব।

ইতিমধ্যে, বাৰেচহৰীয়া ভাওনাথলী পকামূৰা পথাৰত দেশী-বিদেশী ভালেকেইজন পৰ্যটক উপস্থিত হৈ জামগুৰিয়া ৰাইজৰ কাম কাজ দেখি অভিভূত হৈ পৰিছে।

চাৰিদিনীয়া কাৰ্যসূচীত দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিং, ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, অসম চৰকাৰৰ মন্ত্ৰী- বিষয়াকে ধৰি আমোলা-বিষয়া আৰু সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকিব।