বিকল্পৰ অভাৱ : চাহ মজদুৰ সংঘৰ সভাপতি পদত পুনৰ নিৰ্বাচিত পৱন সিং ঘাটোৱাৰ

Paban_Singh_Ghatowar_at_the_2013_Horasis_Global_India_Business_Meeting_crop

পৱন সিং ঘাটোৱাৰৰ ফাইল ফটো

জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ পুনৰ অসম চাহ মজদুৰ সংঘৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ডিব্ৰুগড়ত শনিবাৰে অনুষ্ঠিত হোৱা অসম চাহ মজদুৰ সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনতে বিনাপ্ৰতিদ্বণ্ডিতাৰে নিৰ্বাচিত হয় পৱন সিং ঘাটোৱাৰ।

উল্লেখ্য যে কংগ্ৰেছৰ জ্যেষ্ঠ তথা প্ৰভাৱশালী মন্ত্ৰীগৰাকী বিগত ৩০ বছৰ ধৰি চাহ মজদুৰ সংঘৰ সভাপতি পদটো খামুচি ধৰি আছে। অসমৰ চাহ শ্ৰমিকসকলৰ অন্যতম সংগঠন মজদুৰ সংঘৰ নেতৃত্ব বহন কৰিয়েই ঘাটোৱাৰে অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু আজি এক প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বছৰ বছৰ ধৰি মজদুৰ সংঘৰ দায়িত্ব বহন কৰি আহিছে যদিও শ্ৰমিক সকলৰ উন্নয়নৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছিল। সেয়েহে বহুতো শ্ৰমিক নেতাই তেওঁক সভাপতি পদৰ পৰা আঁতৰোৱাৰ বাবে কৌশল অৱলম্বন কৰিছিল যদিও শেষত সকলো অভিযোগৰ পাছতো বিনাপ্ৰতিদ্বণ্ডিতাৰে তেওঁ পুনৰ সংঘৰ সভাপতি পদটো দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ৰ চাউলখোৱাত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা চাহ মজদুৰ সংঘৰ অষ্টাদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ দ্বিতীয় তথা অন্তিম দিনা অনুষ্ঠিত হোৱা নিৰ্বাচনত পৱন সিং ঘাটোৱাৰ সভাপতি হিচাপে নিৰ্বাচিত বোৱাৰ লগতে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ডুমডুমাৰ ৰূপেশ গোৱালা।