বিগত দুটা মাহত মহিলাৰ সুৰক্ষাৰ বাবে মুকলি কৰা ‘১৮১’ হেল্পলাইন নম্বৰত ২৩০ গোচৰ পঞ্জীয়ন

নাৰী-নিৰ্যাতন

শেহতীয়াভাৱে সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন অঞ্চল বিশেষকৈ গুৱাহাটীত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ লক্ষ্য ৰাখি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে মহিলাসকলৰ সুৰক্ষাৰ বাবে যোৱা ৩০ মাৰ্চত এটা হেল্পলাইন নম্বৰ মুকলি কৰিছিল। আৰু হেল্প নম্বৰ মুকলি কৰাৰ এমাহ অতিবাহিত হোৱাৰ পিছত আজি পৰ্যন্ত ২৩০টা মহিলাৰ বিৰুদ্ধে অপৰাধজনিত অভিযোগ পঞ্জীয়ন হৈছে।

‘১৮১’ হেল্পলাইন নম্বৰটোৰ বিষয়ে সঠিকভাৱে প্ৰচাৰ নোহোৱাৰ মাজতে যোৱা এমাহত ২৩০টা অভিযোগ পঞ্জীয়ন হোৱাটোৱে ৰাজ্য তথা ৰাজধানী মহানগৰীত যে মহিলাৰ বিৰুদ্ধে অপৰাধ দিনক দিনে বৃদ্ধি হৈছে সেই দিশটোকে প্ৰতিফলিত কৰিছে।

১৮১ হেল্পলাইন নম্বৰটো বিনামূলীয়া। চৰকাৰে মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে মুকলি কৰা এই হেল্পলাইন নম্বৰটো ৰাতিপুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ মুকলি হৈ আছে। এই সন্দৰ্ভত হেল্পলাইন নম্বৰটোৰ সমন্বয়ক নীলাক্ষি শৰ্মাই কয় যে এই মাহৰ ভিতৰত হেল্পলাইন নম্বৰটোৰ ২৪ ঘণ্টীয়া সেৱা উপলব্ধ কৰা হ’ব। তেওঁ লগতে জানিবলৈ দি কয় যে হেল্পলাইন সেৱা আৰম্ভ কৰাৰ পৰা সুন্দৰ সঁহাৰি পাইছো।

দৈনিক ১৫ৰপৰা  ২০টা ফোনকল হেল্পলাইন নম্বৰৰ যোগেদি আহে বুলি জানিবলৈ দি সমন্বয়ক শৰ্মাই জনায় যে ফোনকলসমূহৰ ভিতৰত অধিকাংশ ফোনকলে মহিলাৰ ওপৰত চলোৱা ঘৰুৱা নিৰ্যাতন আৰু চাইবাৰ অপৰাধ সম্বন্ধীয়। এই সেৱা আগবঢ়োৱাৰ বাবে হেল্পলাইন সেৱাকেন্দ্ৰত ১৫জন বিষয়া-কৰ্মচাৰী জড়িত আছে।

উল্লেখ্য যে এই হেল্পলাইন সেৱাই নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাক আইনী পৰামৰ্শ দিয়া, মানসিকভাৱে শক্তিশালী কৰা, আৰক্ষী থানাত গোচৰ দিয়াত সহায় কৰা, আৰক্ষীৰ সহায়ৰ ব্যৱস্থা কৰা আদি সেৱা আগবঢ়ায়।

সমন্বয়কগৰাকীয়ে কয় যে অভিযোগ গুৰুতৰ  হ’লে ৱান টপ চেণ্টাৰ চমুকৈ অ’এছ চিলৈ অভিযোগটো পঠোৱা হয়। এই চেণ্টাৰে নিৰ্যাতনৰ বলি হোৱা মহিলাক আইনী নিৰাপত্তা আৰু সুৰক্ষা দিয়ে।সমাজ কল্যাণ বিভাগৰ অধীনত থকা এই চেণ্টাৰ গুৱাহাটীৰ লগতে নগাঁও, যোৰহাট, কোকৰাঝাৰ, কাছাৰত আছে।

উল্লেখ্য যে এতিয়াও সজাগতা আৰু প্ৰচাৰৰ অভাৱত এই হেল্পলাইন সেৱা আৰু অ’ এছ চিৰ বিষয়ে বহু মহিলা অৱগত নহয়। এই সন্দৰ্ভত সমন্বয়ক শৰ্মাই কয় ‘অ’ এছ চি’ৰ বিষয়ে তেওঁ বিশেষ ক’ব নোৱাৰে। কিন্তু হেল্পলাইন সেৱাৰ বিষয়ে তেওঁ কয় যে সেৱাটো ২৪ ঘণ্টীয়া নোহোৱাৰ বাবে সেৱাটোৰ বিষয়ে বিশেষ প্ৰচাৰ কৰা হোৱা নাই। সেৱাটো ২৪ ঘণ্টীয়া হোৱাৰ পিছতেহে ভালদৰে প্ৰচাৰ  আৰু সজাগতা অভিযান চলোৱা হ’ব।

জানিব পৰা মতে হেল্পলাইনত অহা ফোন আটাইতকৈ গুৱাহাটী মহানগৰীৰে বেছি ।