বিজেপিয়ে খচৰাৰ পৰা বাদ পৰা মানুহখিনিক ৰাজনৈতিক অংকত ব্যৱহাৰ কৰিব বিচাৰিছে : দেৱব্ৰত শইকীয়া

Debabrata Saikia

এন আৰ চিৰ খচৰাৰ পৰা বহু লাখ ভাৰতীয় লোকৰ নাম বাদ পৰাৰ বাবে চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষক দোষাৰোপ কৰি অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল। ফটো : য়ু বি।

বিজেপিয়ে এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা মানুহখিনিক ৰাজনৈতিক ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰিব বিচৰাৰ অভিযোগ আনিলে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

মঙলবাৰে গুৱাহাটীৰ এখন হোটেলত সংবাদমেল সম্বোধন কৰি শইকীয়াই কয়, “বিজেপিয়ে এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা লোকৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে আৰু সেই সংখ্যাৰ ভিত্তিত তেওঁলোকে ভোট সংগ্ৰহ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে জনসমৰ্থন আদায়ৰ চেষ্টা কৰিছে। বিজেপিয়ে জনগণক এটা ধাৰণা দিবলৈ চেষ্টা কৰিছে যে নতুনকৈ অহা যথেষ্ট সংখ্যক বাংলাদেশী লোকৰ নাম খচৰাৰ পৰা বাদ পৰি আছে গতিকে আমি নাগৰিকত্ব সংশোধনী বিধেয়কখন গ্ৰহণ কৰিব লাগে। বিজেপিয়ে তেনেকুৱা এটা বাতাবৰণ যেন সৃষ্টি কৰিব বিচাৰিছে, সেইটোৱে ভাব হয়।”

সংবেদমেলত শইকীয়াই কয় যে বিজেপিয়ে বিভিন্ন কৌশলেৰে এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা মানুহৰ সংখ্যা বঢ়াই দেখুৱাবৰ চেষ্টা কৰিছে।

তেওঁ কয়, “এটা গোচৰত উচ্চতম ন্যায়ালয়ে পঞ্চায়ত নথিসমূহ ভালদৰে ‘ৰেকৰ্ড মেইনটেইন’ কৰাৰ ব্যৱস্থা কৰি সেইবোৰ গ্ৰাহ্য কৰিবলৈ কৈছিল। সেইমতে বহু অঞ্চলত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পঞ্চায়তৰ নথিসমূহ চোৱা হ’ল। কিন্তু তাৰ পাছতো সেই নামসমূহ সুমুৱাই দিয়া নাই।”

তেওঁ লগতে কয় যে বহু লোকৰ শিক্ষাৰ অভাৱৰ বাবে আন নথি নাথাকে। তেওঁলোকে পঞ্চায়তৰ নথি দাখিল কৰিছিল। তৰোপৰি মহিলাসকলৰ ক্ষেত্ৰত পঞ্চায়তৰ নথি প্ৰয়োজন হৈছিল বিবাহ সূত্ৰে গৈ এটা নতুন অঞ্চলত নাম অন্তৰ্ভুক্ত কৰা বাবে। তেওঁলোকৰ পিতৃৰ ফালৰ পৰা লিগেচি আছিলেই। তৎসত্ত্বেও পঞ্চায়তৰ প্ৰমাণপত্ৰ অগ্ৰাহ্য কৰি বৰ্তমানৰ চৰকাৰখনে এটা ৰাজনীতি কৰিব বিচাৰিছে।

এন আৰ চিখন অসমৰ ৰাইজে শুদ্ধভাৱে হোৱাটো বিচাৰি আছে। কিন্তু চৰকাৰে ইয়াক যিমান পাৰি শুদ্ধ কৰাৰ যত্ন কৰা নাই। তাৰ সলনি বিজেপি দলে ৰাজনৈতিক ৰহণ সানি এই প্ৰক্ৰিয়াটোক এটা ৰাজনৈতিক ইচ্ছ্যু কৰিব বিচাৰিছে বুলি শইকীয়াই দাবী কৰে।

একেখন সংবাদমেলতে দেৱব্ৰত শইকীয়াই ১৯৭১ চনৰ বহু আগৰ আনকি ভাৰত স্বাধীন হোৱাৰো পূৰ্বৰে পৰা ভাৰতত থকা বহুকেইটা পৰিয়ালৰ লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাৰ তথ্য দাঙি ধৰে। এই সম্পৰ্কত বিজেপিক কটাক্ষ কৰি তেওঁ কয়, “পুৰণি মানুহখিনিকে বিজেপিয়ে ন্যায় দিব পৰা নাই। কিন্তু তেওঁলোকে ২০১৪ চনলৈ অহাখিনিক গ্ৰহণ কৰিবলৈ এখন আইনৰ কথা কয়।”

আনহাতে বিৰোধী দলপতিজনে দাবী কৰে যে কংগ্ৰেছৰ দিনতে সৰ্বাধিক অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰা হৈছে। তথ্য দাঙি ধৰি তেওঁ কয়, কংগ্ৰেছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰ পৰা ৮২ হাজাৰ অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিছে। তাৰ বিপৰীতে বিজেপিৰ দিনত বহিষ্কৃত অবৈধ বাংলাদেশী ২ হাজাৰো নহয়।