বিজেপিয়ে যদি বিলখন পাছ কৰিবই বিচাৰে তেন্তে আমাক মিত্ৰজোঁটৰ পৰা বাদ দিয়ক : অগপ

AGP_Press_Meet

“বিজেপিয়ে যদি এই নাগৰিকত্ব সংশোধনী বিলখন পাছ কৰিব বিচাৰিছে, তেন্তে আমাক মিত্ৰজোঁটৰ পৰা বাদ দিয়ক।” -আজি মহানগৰীৰ মাজমজিয়াত থকা আমবাৰীৰ অগপৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেল দি দলটোৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই এইদৰে কয়।

উল্লেখযোগ্য যে মিত্ৰজোঁটত থকাৰ পিছতো চৰকাৰ গঠন কৰাৰ পাছমুহূৰ্তৰ পৰাই যিকোনো বিষয়ক লৈ বিজেপি আৰু অগপ দলৰ কিছুসংখ্যক নেতা তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হৈ থকা দেখি আহিছে অসমৰ ৰাইজে। দুয়োটা দলৰে বিধায়ক নাইবা অন্যান্য নেতাসকলৰ মাজত এজনে আনজনক কটাক্ষ কৰাটোও এটা সুলভ দৃশ্যত পৰিণত হৈ আহিছে।

উক্ত সংবাদমেলতে শইকীয়াই লগতে কয় যে তেওঁলোক মিত্ৰজোঁটত থকালৈকে সদায় এই বিধেয়কৰ বিৰোধিতা কৰি যাব। কিন্তু বিজেপিয়ে যদি বিলখন পাছ কৰিব বিচাৰিছে তেন্তে চৰকাৰৰ মিত্ৰজোঁটৰ পৰা উলিয়াই দিবৰ বাবে মুকলি আহ্বান জনায়।

তাৎপৰ্য্যপূৰ্ণভাৱে দলটোৱে নিজে আঁতৰি আহিব বুলি নক’লে দলটোৰ সাধাৰণ সম্পাদকজনে।

ইয়াৰোপৰি ৰঞ্জিত দাসে আজি সংবাদ মাধ্যমৰ সন্মুখত অগপৰ বহুতো বিধায়ক বিজেপিৰ সমৰ্থনৰ বাবেহে বিগত নিৰ্বাচনত জয়ী হোৱা বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি শইকীয়াই কয়, “যদি অগপৰ অস্তিত্বই নাই, তেন্তে তেওঁলোক অগপৰ সৈতে মিত্ৰতা কৰিবলৈ আহিছিল কিয়? তেওঁলোকহে আমাৰ লগত মিত্ৰজোঁট কৰিব আহিছিল।”

আনহাতে, সংবাদমেলখনত উপস্থিত থকা অগপ বিধায়ক সত্যব্ৰত কলিতাই মনোজ শইকীয়াৰ ভাষ্যৰ লগতে সংযোগ কৰি কয় যে বিজেপিৰ বহু বিধায়ক আছে যি অগপৰ সমৰ্থন নথকাহেঁতেন জিকিব নোৱাৰিলেহেঁতেন।

ইয়াৰোপৰি প্ৰশান্ত ফুকনে অগপৰ দুটা স্থিতি বুলি কালি সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্যৰো বিৰোধিতা কৰি মিত্ৰজোঁটৰ বিধায়কজনে কয়, “অসম গণ পৰিষদৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱাতকৈ অসমৰ ইমানবোৰ দল-সংগঠনে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, সেইসকলৰ প্ৰশ্নৰ উত্তৰ প্ৰশান্ত ফুকনে দিয়ক। ফুকনৰ অসমৰ জাতীয় জীৱনৰ সৈতে সম্পৰ্ক নাই। তেওঁৰ ইচ্ছা কেৱল বিধায়ক হ’ব লাগে, সেয়েহে তেওঁ আবোল-তাবোল বকিছে।”

উল্লেখযোগ্য যে উক্ত সংবাদমেলত উপস্থিত থকা অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মিত্ৰজোঁটত থাকিলেও কেন্দ্ৰীয় চৰকাৰক বিলখন প্ৰত্যাখ্যান কৰাৰ ক্ষেত্ৰত হেঁচা দি যাব বুলি কৈ কয়, “আজি মুখ্য মন্ত্ৰীৰ সৈতে অগপৰ তিনিজন মন্ত্ৰীৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা নহ’ল যদিও মুখ্য মন্ত্ৰীয়ে আমাক আশ্বাস দিছে যে আজি আছুৰ লগতে ২৮ টা জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে সমন্বয় কমিটীৰ সৈতে এই বিষয়ত আলোচনা কৰিব।”

“আজিও কেবিনেট বৈঠকত মুখ্য মন্ত্ৰীয়ে আমাৰ তিনিওজন মন্ত্ৰীৰ সন্মুখত খিলঞ্জীয়াৰ স্বাৰ্থত বিঘ্নিত হোৱা কাম নকৰো বুলি কৈছে।” কলিতাই এনেদৰে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাজনাথ সিঙে ‘এই বিধেয়কখন গৃহীত কৰা হ’বই’ বুলি কৰা মন্তব্যৰ প্ৰসংগত কলিতাই কয় যে মুখ্য মন্ত্ৰীয়ে যদি এইক্ষেত্ৰত আলোচনা কৰি ৰাইজৰ আৱেগ-অনুভূতিসমূহ কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত দাঙি ধৰি তেওঁলোকক সৈমান কৰিব পাৰে, তেতিয়াহ’লে এইটো কেতিয়াও অসম্ভৱ নহয়।

উল্লেখযোগ্য যে আজি কেবিনেট বৈঠকত অগপৰ তিনিজনকৈ মন্ত্ৰী ক্ৰমে- অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী উপস্থিত আছিল নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত এজনেও একো এটা কথাই নুলিয়ালে বুলি জানিব পৰা গৈছে। অথচ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কেবিনেট বৈঠক দাবী কৰি আহিছিল বিজেপিৰ মিত্ৰ তথা চৰকাৰৰ অংশীদাৰ দলটোৱে।