• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিজেপিৰ আঁচল নেৰিলে চিৰদিনলৈ অসমৰ ৰাইজৰ ‘বিশ্বাসঘাতক’ৰূপে পৰিগণিত হ’ব অগপ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
May 13, 2018 7:46 pm
assam-protests
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভাজনমূলক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ( Citizenship Amendment Bill 2016 )-এ ব্ৰহ্মপুত্ৰ উপত্যকা উত্তপ্ত কৰি তোলাৰ সময়ত এই ৰাজনৈতিক উত্তেজনাময় ব্যাপক হূলস্থূলৰ মাজত আশ্চৰ্য্যজনকভাৱে সিদ্ধান্তহীন অৱস্থান লৈছে অসম গণ পৰিষদ ( AGP )।

বিধেয়কখনৰ বিৰুদ্ধে যোৱা ১২ মে’ৰ পৰা ৰাজ্যজোৰা গণস্বাক্ষৰ অভিযান আৰম্ভ কৰা অগপই ৫ লাখ স্বাক্ষৰ সংগ্ৰহ কৰি কেন্দ্ৰক ১ জুনত এক স্মাৰক পত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে। বিধেয়কখন আইনত পৰিণত হ’লে ই অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰা ওলাই অহাৰো হুংকাৰ দিছে।

দলটোৱে আৰম্ভ কৰা উদ্যমহীন প্ৰতিবাদৰ বাবে ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ইয়াৰ প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত অগপ সম্পূৰ্ণ বিশ্বাসযোগ্য বুলি অসমৰ ৰাইজ এতিয়াও পতিয়ন যোৱা নাই।

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপৰ আন্তৰিকতাক লৈ অসমৰ মানুহৰ সন্দেহ হোৱাটো স্বাভাৱিক, কাৰণ অগপই এতিয়াও বিজেপিক সাৱট মাৰি আছে আৰু বিধেয়কখন সংসদত গৃহীত হ’লেহে এৰাৰ সকীয়নি দিছে।

বাংলাদেশৰ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ এন ডি এ’ চৰকাৰ তৎপৰতাই নিঃসন্দেহে ১৯৮৫ চনৰ ঐতিহাসিক অসম চুক্তি উলংঘা কৰিছে। চুক্তিৰ কথা আছিল ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো অনুপ্ৰৱেশকাৰীকে ‘অবৈধ’ৰূপে গণ্য কৰা হ’ব আৰু বহিষ্কাৰ কৰা হ’ব।

বিধেয়কখনৰ বিৰুদ্ধে অগপই আটাইতকৈ সৰৱ প্ৰতিবাদ কৰিব লাগিছিল কাৰণ বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে হোৱা ৬ বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিতেই দলটোৰ জন্ম হৈছিল। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতাসকলেই দলটো গঠন কৰিছিল।

গুৰুতৰ ৰাজনৈতিক বিষয়ত উদ্যমহীন প্ৰতিবাদে স্পষ্ট কৰিছে যে ২০০১ চনৰ পৰা ক্ষমতাৰ বাহিৰত থকা অগপ অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট এৰাত আগ্ৰহী নহয়। ১৯৮৫-১৯৮৯ আৰু ১৯৯৬-২০০১ চনলৈ দলটো অসমত দুবাৰ ক্ষমতালৈ আহিছিল।

নাগৰিকত্বৰ বিধেয়কক লৈ বৰ্ণহিন্দু অসমীয়াৰ বৃহৎ প্ৰতিবাদৰ পিছতো অগপই ৰাজ্য চৰকাৰত বিজেপিৰ সৈতে বন্ধুত্বৰ মৰসাহ এতিয়াও কৰি আছে। দলটোৱে লোৱা ‘ৰোৱা আৰু চোৱা’ নীতিয়ে ইয়াৰ গাত ‘সুবিধাবাদী’ৰ এক স্পষ্ট ছাব লগালে। বৰ্তমানৰ ১২৬ জনীয়া অসম বিধান সভাত অগপৰ ১৪ গৰাকী বিধায়ক আছে, কেবিনেট মন্ত্ৰী আছে ৩ জন।

দলটোৰ সভাপতি অতুল বৰা বৰ্তমান অসমৰ কৃষি আৰু নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী। তেওঁ আছুৰো এসময়ৰ সভাপতি। আছুৰ আন এগৰাকী প্ৰাক্তন সভাপতি কেশৱ মহন্ত ৰাজ্যৰ জল সম্পদ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী। দলটোৰ নতুনকৈ হোৱা মন্ত্ৰীজন হ’ল ফণীভূষণ চৌধুৰী।

শনিবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীত দলটোৱে আৰম্ভ কৰা স্বাক্ষৰ সংগ্ৰহ অভিযানত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলকে মূলতঃ স্বাক্ষৰকাৰীৰ ৰূপত দেখা গৈছে। ইয়ে প্ৰমাণ কৰিছে যে অসমৰ ৰাজধানী চহৰখনৰ মানুহে অসমীয়া সমাজৰ ৰক্ষাকাৰীৰ ৰূপত অগপৰ ওপৰত তেওঁলোকৰ আস্থা হেৰুৱাইছে।

২০১৬ চনৰ নিৰ্বাচনী দৌৰত অগপৰ কিছুসংখ্যক ক্ষমতালোভী সদস্যই বিজেপিত যোগ দিয়ে আৰু বৰ্তমান তেওঁলোক অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীও হৈ আছে। আনকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো এসময়ত অগপৰ সদস্য আছিল আৰু সাংসদ হিচাপে লোকসভাত অগপক প্ৰতিনিধিত্ব কৰিছিল।

২০১৬ চনৰ নিৰ্বাচনত অসমৰ ৰাইজে যদি অগপৰ ১৪ জন সদস্যক নিৰ্বাচন কৰিব পাৰে, তেন্তে তেওঁলোকক দলিয়াই দিবলৈও ভোটাৰসকলক বেছিপৰ নালাগিব। যিটো সময়ত বিজেপিক এক অনাহূত হিন্দু বাহিনীৰূপে চোৱা হৈছে, তেনে সময়ত অগপই খিলঞ্জীয়া ৰাইজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা বাবে দৃঢ়সংকল্পবদ্ধ হৈ উঠিব লাগিছিল।

নাগৰিকত্ব বিধেয়কক লৈ বিজেপিৰ সৈতে বেছি হলিগলি অগপৰ বাবে আত্মহত্যাসদৃশ হ’ব। এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত অগপই ততালিকে চৰকাৰ ত্যাগ কৰা উচিত আৰু জনসাধাৰণৰ কাষ চাপি গণ প্ৰতিবাদত যোগ দিয়া উচিত।

এই মুহূৰ্তত বিজেপিক লগ এৰা দিয়াৰ সাহসী সিদ্ধান্তই তৃণমূলত এক নতুন আধাৰ গঢ়া আৰু নিৰ্বাচনী ভৱিষ্যৎ উজ্জ্বল কৰাত অগপক সহায় কৰিব। বৰ্ণহিন্দু অসমীয়া ভোটাৰে বিজেপিক বাদ দিলে অগপ সদায়ে এক বিকল্প হৈ উঠিব পাৰিব।

অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থবিৰোধী ৰাজনৈতিক সিদ্ধান্ত ল’বলৈ আৰম্ভ কৰিবলৈ বিজেপিক দুবছৰো নলগাৰ ফলত অসমৰ ৰাইজে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে যে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ বিৰুদ্ধে ‘পৰিৱৰ্তন’ৰ ৰূপত বিজেপিৰ বিজয় এক ‘ভুল সিদ্ধান্ত’ আছিল।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়টোত অগপই যদি বিজেপিৰ আঁচল নেৰে তেন্তে অসমৰ ৰাইজৰ মনত দলটোৱে কাললৈ বিশ্বাসঘাতক পৰিচয় ৰাখিব।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd