• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ আৰু অসম

শান্তনু বৰঠাকুৰ by শান্তনু বৰঠাকুৰ
April 10, 2018 5:18 pm
Citizenship Amendment Bill, 2016
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা কেইদিনমান পূৰ্বে সংবাদ মাধ্যমেৰে হোৱা কথা-বতৰাত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত গঠন কৰি দিয়া যুটীয়া সংসদীয় সমিতিৰ সভাপতি ৰাজেন্দ্ৰ আগৰৱালাই মন্তব্য কৰে যে ধৰ্মৰ ভিত্তিত দেশ বিভাজন হ’ব পাৰিলে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানত বাধা ক’ত? নিজৰ বিশ্বাসৰ ভিত্তিত ব্যক্তিগত পৰ্যায়ত আগৰৱালাই এনে বক্তব্য ৰাখিবই পাৰে। কিন্তু যুটীয়া সংসদীয় সমিতিৰ সভাপতিৰূপে আগৰৱালাই বিষয়টোৰ সন্দৰ্ভত শুনানি সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বেই এনে ধৰণৰ বক্তব্য ৰখাটো উচিত নে? তেওঁ আগবঢ়োৱা বক্তব্য শুনানিৰ পূৰ্বে সিদ্ধান্ত দিয়াৰ দৰে কথা নহ’ল নে? সভাপতিজনৰ বক্তব্যই যুটীয়া সংসদীয় সমিতিৰ শুনানি এক ভেঁকো-ভাওনা বুলি অসমৰ মানুহৰ মাজত সৃষ্টি হোৱা ধাৰণাকে সত্য প্ৰমাণিত কৰিলে।

ৰাজেন্দ্ৰ আগৰৱালাৰ বক্তব্যৰ দুটা দিশৰ আলোচনা প্ৰয়োজনীয়। প্ৰথমটো হ’ল- সংসদীয় সমিতিৰ শুনানিৰ বিশ্বাসযোগ্যতা আৰু দ্বিতীয়টো হ’ল- ধৰ্মভিত্তিক নাগৰিকত্বৰ প্ৰশ্নটো।

Apply Now

সংসদৰ “Rule of Procedures and Conduct of Business Rules”ৰ ৬৯নং নিয়ম অনুযায়ী যুটীয়া সংসদীয় সমিতি গঠন কৰা হয় গুৰুত্বপূৰ্ণ কিছুমান বিষয়ৰ ওপৰত প্ৰতিবেদন দাখিল কৰাৰ বাবে। সংসদীয় নিয়ম পুথিত কোৱা হৈছে এনেদৰে– “Joint Parliamentary committees on special issues are constituted to investigate serious issues which have greatly agitated the public mind…” নিঃসন্দেহে নাগৰিকত্ব আইনৰ সংশোধনী বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰিয়ে সংসদে এক বিশেষ সমিতি গঠনৰ ব্যৱস্থা কৰিছিল আৰু এই সমিতিৰ দায়িত্ব আছিল আইনখনৰ দ্বাৰা প্ৰভাৱিত হ’ব পৰা সকলো ব্যক্তি, সংগঠনৰ বক্তব্য শুনা আৰু তাৰ আধাৰত প্ৰতিবেদন দাখিল কৰা। নাগৰিকত্ব আইনৰ সংশোধনীয়ে ক্ষতিগ্ৰস্ত কৰিব পৰা ৰাজ্য হ’ল অসম। অনান্য ৰাজ্যসমূহত ইয়াৰ প্ৰভাৱ হ’ব সীমিত। এনে পৰিস্থিতিত শুনানিত অসমৰ মানুহৰ মতে গুৰুত্ব পাব লাগিছিল সৰ্বাধিক আৰু সেয়েহে অসমৰ মানুহে বাৰম্বাৰ সংসদীয় সমিতিক অসমলৈ আহি পৰিস্থিতিৰ অধ্যয়ন আৰু শুনানি গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সমিতিয়ে বিভিন্ন অজুহাতত অসমৰ মানুহৰ এই দাবীক উপেক্ষা কৰি অহা পৰিলক্ষিত হৈছে। তাতোকৈয়ো গুৰুত্বপূৰ্ণ কথা যে সংসদীয় সমিতিৰ প্ৰতিবেদন দাখিলৰ পূৰ্বেই চৰকাৰৰ গুৰুত্বপূৰ্ণ পদাধিকাৰীসকলে আৰু সমিতিৰ সভাপতিকে ধৰি বিভিন্ন সদস্যই নাগৰিকত্ব আইন সংশোধনী কৰিম বুলি অথবা ইয়াৰ সমৰ্থনত বক্তব্য আগ বঢ়াইছে।

দুটা পক্ষৰ মতামত লৈ নিজৰ সিদ্ধান্ত ল’ব লগীয়া কৰ্তৃপক্ষ এটা নিৰপেক্ষ, বস্তুনিষ্ঠ হোৱাটো বাঞ্ছনীয়। কিন্তু অত্যন্ত দুৰ্ভাগ্যৰ কথা যে সংসদীয় যুটীয়া সমিতিখনৰ সভাপতিজনে সকলো পক্ষক শুনাৰ প্ৰক্ৰিয়া সমাপ্ত নৌ হওঁতেই নিজৰ সিদ্ধান্ত ঘোষণা কৰিলে। সেয়েহে তেওঁ আগবঢ়োৱা বক্তব্যৰ পাছত শুনানি কেৱল যে এক আনুষ্ঠানিকতা তাত কোনো সন্দেহ নাই। যুটীয়া সংসদীয় সমিতিয়ে বিশ্বাসযোগ্যতা ইতিমধ্যে হেৰুৱাইছে আৰু সেয়েহে নিজৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰিবলৈ সমৰ্থ নোহোৱা পৰ্যন্ত এনে শুনানিৰ পৰা অসমৰ দল, সংগঠনবোৰ আঁতৰি থকাই যুগুত।

দ্বিতীয় যিটো বিষয় আমাৰ সন্মুখলৈ সংসদীয় সমিতিৰ সভাপতিৰ বক্তব্যৰ পৰা আহিছে সেয়া হ’ল- ধৰ্মৰ ভিত্তিত নাগৰিকত্বৰ বিষয়টো। হয়, ধৰ্মৰ ভিত্তিত পাকিস্তানৰ জন্ম হৈছিল। কিন্তু সভাপতিজনে পাহৰি গৈছে যে ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষই স্বাধীন ৰাষ্ট্ৰ  হিচাপে নিজক পৰিচয় দিয়া নাছিল। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব এইবাবেই হ’ব নোৱাৰে কাৰণ,- সংবিধান সভাই একমুখে ধৰ্মৰ ভিত্তিত নাগৰিকত্বৰ প্ৰশ্নটোক অগ্ৰাহ্য কৰিছিল। সংবিধান সভাৰ নাগৰিকত্ব সম্পৰ্কীয় বিতৰ্কত অংশগ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ পৰা নিৰ্বাচিত সদস্য পি এছ দেশমুখে এক সংশোধনীৰ জৰিয়তে ধৰ্ম (হিন্দু)ৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বিষয়টো উত্থাপন কৰিছিল। কিন্তু, সংবিধান সভাই দীঘলীয়া বিতৰ্কৰ অন্তত এনে সংশোধনী প্ৰস্তাৱক অগ্ৰাহ্য কৰিছিল। সংবিধান সভাই ধৰ্মৰ ভিত্তিত নাগৰিকত্বৰ ধাৰণাক অগ্ৰাহ্য কৰিছিল কিয়নো সংবিধানৰ জৰিয়তে সংবিধান সভাই ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। আজিৰ তাৰিখত পুনৰ নাগৰিকত্ব প্ৰদানত ধৰ্মক এটা আধাৰ ৰূপে ল’ব বিচৰা সিদ্ধান্তটো সংবিধানৰ মূল মেজাজৰ পৰিপন্থী হ’ব আৰু ই হ’ব ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ ওপৰত আক্ৰমণ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে “এছ আৰ বোম্বাই বনাম কেন্দ্ৰীয় চৰকাৰ” গোচৰত কৈছিল– “ই (ধৰ্মনিৰপেক্ষতা) পশ্চিমৰ উদাৰনৈতিক চিন্তাৰ ফচলো হ’ব পাৰে অথবা বহুতেই ক’ব খোজাৰ দৰে ই হ’ব পাৰে সকলো সময়তে ভাৰতবৰ্ষৰ মানুহৰ মনৰ মাজত থকা এক গভীৰ বিশ্বাস। এয়া গুৰুত্বপূৰ্ণ নহয়। দৰকাৰী কথাটো হ’ল যে ই সাংবিধানিক লক্ষ্য আৰু সংবিধানৰ মৌলিক বৈশিষ্ট্য। সংবিধানৰ এই লক্ষ্যৰ লগত সংগতি নথকা প্ৰতিটো খোজেই অসাংবিধানিক।” যুটীয়া সংসদীয় সমিতিৰ সভাপতিয়ে সংশোধনী বিধেয়কৰ পক্ষত মত প্ৰকাশৰ পূৰ্বে ভালদৰে homework কৰি লোৱাটো প্ৰয়োজনীয়।

এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে এই সংশোধনীৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষতাৰ বিষয়টোৱেই একমাত্ৰ যুক্তি নহয়। ইয়াৰ বিৰুদ্ধে অসমৰ মানুহৰ আন কিছু কথাও ক’ব লগা আছে। তাৰ ভিতৰত অন্যতম হ’ল এনে সিদ্ধান্তই দিব পৰা অৰ্থনৈতিক বোজা। দীৰ্ঘদিন ধৰি হৈ থকা প্ৰব্ৰজনে যে অসমৰ অৰ্থনীতিত প্ৰচুৰ হেঁচা দিছে সেয়া বোধহয় কোনেও অস্বীকাৰ কৰিব নোৱাৰিব। ১৯৮৬ চনত নাগৰিকত্ব আইনৰ এক সংশোধনীক লৈ সংসদত হোৱা এক বিতৰ্কত অংশগ্ৰহণ কৰি তদানীন্তন কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী পি চিদাম্বৰমে কৈছিল “আমাৰ মানুহক ক্ষতিগ্ৰস্ত কৰি, আমাৰ উন্নয়নৰ বিনিময়ত আমি দয়ালু হ’ব নোৱাৰো আৰু আমি গোপনে দেশত প্ৰৱেশ কৰা বৃহৎ সংখ্যক মানুহৰ বোজা ল’বলৈ অপাৰগ, তেনেহ’লে তেওঁলোকক শৰণাৰ্থীয়েই বোলা হওক অথবা অভাৱগ্ৰস্ত মানুহ।”

১৯৮৬ চনতে কেন্দ্ৰীয় চৰকাৰে এই বক্তব্য ৰখাৰ পাছত আজি অসমৰ দৰে আৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্য এখনক লাখ লাখ মানুহৰ বোজা জাপি দিব বিচৰাটো কিমান দূৰ ন্যায়সংগত?

এই কথা কোৱাত আমাৰ সামান্যও সংশয় নাই যে দুৰ্গত মানুহৰ কল্যাণৰ কথা ভাবি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন অনা নাই। এই বিধেয়কখন অনাৰ আচল উদ্দেশ্য হ’ল “হিন্দুৰ স্বভূমি”ৰ ধাৰণাক আইনগত সূচিতা (legal sanctity) প্ৰদান কৰা। এবাৰ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাত সফল হ’লেই হিন্দু ধৰ্মভিত্তিক ৰাষ্ট্ৰৰ ধাৰণাক পিছ দুৱাৰেদি ন্যায্যতা প্ৰদানৰ চেষ্টা সফল হ’ব। প্ৰত্যক্ষভাৱে সংবিধানত অন্তৰ্ভুক্ত কৰিব নোৱাৰা বিষয়টো পৰোক্ষভাৱে ভাৰতীয় আইনী ব্যৱস্থাৰ অংশ হৈ পৰিব। ক্ষমতাসীন দল আৰু তেওঁলোকৰ পিতৃ সংগঠনৰ এনে সংকীৰ্ণ আদৰ্শগত অৱস্থানক সফল কৰি তোলাৰ প্ৰচেষ্টাত বলিৰ পঠা হৈছে অসম আৰু অসমবাসী।

শান্তনু বৰঠাকুৰ

শান্তনু বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd